পৃষ্ঠা:Chalachitra.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰাৰ কাৰণ হ’ল দেশৰ মানুহক আন্তৰ্জাতিক চলচ্চিত্ৰৰ ধাৰণা দিয়া, দেশৰ উৎকৃষ্ট ছবিবোৰক বিদেশী প্ৰতিনিধিৰ আগত প্ৰদৰ্শন কৰি দেশৰ ছবিক পৃথিৱীৰ পথলৈ আগবঢ়াই দিয়াৰ সুবিধা দিয়া, চলচ্চিত্ৰৰ স্ৰষ্টা আৰু ৰসগ্ৰাহীৰ মাজত ভাব- বিনিময়ৰ সুবিধা দিয়া।

 এটা সময় আছিল, যি সময়ত বিদেশৰ ছবি চাবলৈ পোৱাটো অথবা দেশৰ ছবি বাহিৰলৈ পঠোৱাটো এটা সমস্যা হিচাবে চিহ্নিত হৈছিল। কিন্তু আজি ইলেকট্ৰনিক মিডিয়াৰ দ্ৰুত প্ৰসাৰ, বিশেষকৈ ভিডিঅ’ৰ ব্যাপক প্ৰসাৰে এই বাধা সহজেই অতিক্ৰম কৰি গুচি গৈছে। আজি আমেৰিকাত মুক্তি লাভ কৰা ছবি এখন অসমৰ ভিতৰুৱা গাওঁ এখনতো ভিডিঅ’ৰ সৌজন্যত এমাহৰ ভিতৰতে চাব পৰা কাৰ্য সম্ভৱ হৈ উঠিছে। তেনেস্থলত ভাৰতৰ চৰকাৰী বিষয়াই দেশে-বিদেশে ঘূৰি ছবি সংগ্ৰহ কৰি আনি অলেখ টকাৰ বিনিময়ত এখন মহানগৰীৰ দৰ্শকৰ বাবে চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰাৰ যুক্তি কি?

 প্ৰথমে আমি মহোৎসৱৰ প্ৰচলিত ধাৰণাৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। মহোৎসৱত প্ৰদৰ্শিত বিদেশী ছবিসমূহ মুখ্যতঃ দেশীয় দৰ্শকৰ বাবে আৰু দেশীয় ছবিবোৰ বিদেশী প্ৰতিনিধিৰ বাবে। কল্পনা কৰি লোৱা হৈছিল যে একোখন মহানগৰীৰ দৰ্শকে ভাল ভাল বিদেশী ছবি দৰ্শন কৰি আধুনিক চলচ্চিত্ৰৰ সমজদাৰ হৈ উঠিব আৰু মহোৎসৱত দৰ্শকৰ উপস্থিত হোৱা সাংবাদিকসকলে গ্ৰহণ কৰা অভিজ্ঞতা প্ৰান্তৰে- প্ৰান্তৰে বিতৰণ কৰিব। বাস্তৱত এইটো হ’ল নে? মহোৎসৱত দৰ্শকৰ ভিৰ হয় চেন্সৰ নকৰা ছবিবোৰত থকা আদি ৰসাত্মক দৃশ্যৰ বাবেহে। মহোৎসৱে সাধাৰণ দৰ্শকৰ চিত্ত পৰিবৰ্তনত কিবা সহায় কৰিব পাৰিছে নেকি তাৰ প্ৰমাণ ওলাই পৰে মহোৎসৱৰ পিচত সেই চহৰত নিয়মিত ভাবে প্ৰদৰ্শন হৈ থকা ছবিবোৰৰ মাজত। আজিলৈকে মুঠ তেইছটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱে ভাৰতৰ কেইবাখনো মহানগৰীৰ দৰ্শকৰ মাজত কিবা পৰিবৰ্তন আনিব পাৰিলেনে, নাই পৰা? সাধৰণ দৰ্শকৰ মাজত মহোৎসৱ এটি সাময়িক আনন্দদায়ক উৎসৱৰ বাহিৰে আন একো নহয়।


৫৩