পৃষ্ঠা:Chalachitra.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


হাতী’ হিট ছবি আছিল, কিন্তু একে গৰাকী পৰিচালকৰ, একে ইউনিতৰ দ্বাৰা নিৰ্মিত ‘শকুন্তলা আৰু শংকৰ যোছেফ আলি’ (’৮৩), ‘এন্টনি মোৰ নাম’ (’৮৬) আৰু ‘আই মোৰ জনমে জনমে’ (’৮৮) এই চাৰিখন ছবিয়ে ক্ৰমাগতভাবে আকৰ্ষণী শক্তি হেৰুৱাই পেলাইছিল। দৰ্শকৰ মনোজগতৰ যি পৰিবৰ্তন, সেই পৰিবৰ্তনৰ লগত খাপ খুৱাব নোৱাৰা বাবেই নিপ বৰুৱাৰ দৰে বিনোদন ছবিৰ সফল পৰিচালকেও ‘মিডাচ টাটচ’ৰ অধিকাৰী হৈ থাকিব পৰা নাছিল। ক’বলৈ দুখ লাগে যে ‘এন্টনি মোৰ নাম’ ছবিত ‘জনী মেৰা নাম’ আৰু ‘দিৱাৰ’ ছবিক যেনেদৰে অনুকৰণ কৰা হৈছিল, সিয়ে নিপ বৰুৱাৰ গভীৰ অনুৰাগীজনৰো মনত দুখ দিছিল।

 এটা সময়ত ক’লা-বগা ছবিকেই দৰ্শকে আগ্ৰহেৰে চাইছিল যদিও পিচত ৰঙীণ ছবিৰ ব্যাপক প্ৰচলনৰ পিচত ক’লা-বগা ছবিৰ প্ৰতি দৰ্শকৰ আগ্ৰহ স্তিমিত হৈছিল। তাৰ পিচত অকল ৰঙেও দৰ্শকক সন্তুষ্ট কৰিব নোৱাৰা হ’লগৈ। দৰ্শকৰ প্ৰয়োজন হ’ল কাৰিকৰী কাম। জ’নছ মহলীয়া, দাৰা আহমেদ আৰু জাহ্নু বৰুৱাৰ বাহিৰে আন কোনো এজন পৰিচালকেই উন্নতমানৰ কাৰিকৰী কামৰ নমুনা দাঙি ধৰিব পৰা নাই। এই দুৰ্বল কাৰিকৰী কামৰ বাবেই এখন সম্ভাৱনাপূৰ্ণ ছবিকো দৰ্শকে প্ৰত্যাখান কৰিছিল। ছবিখনৰ নাম হ’ল ‘অজলা ককাই’ (’৮৯)। অসমৰ গ্ৰাম্য জীৱনৰ পটভূমিৰ এই কাহিনীটো মানবীয় আবেদন আৰু নিটোল চিত্ৰনাট্য আছিল যিকোনো বিনোদনধৰ্মী ছবিৰ পৰিচালকৰ বাবেই ‘তুৰুপৰ তাচ’। কিন্তু কাৰিকৰী দিশত ছবিখন ইমানেই দূৰ্বল আছিল যে কাহিনীৰ আবেদন আৰু নাম ভূমিকাত থানেশ্বৰ শৰ্মাই কৰা সুন্দৰ অভিনয়েও দৰ্শকক পৰ্দাৰ সন্মুখত বহুৱাই ৰাখিব নোৱাৰিলে। একেই মানৰ কাৰিকৰী কামৰ দ্বাৰা পোন্ধৰ/বিশ বছৰ আগৰ দৰ্শকক সন্তুষ্ট কৰিব পৰাৰ প্ৰমাণ দ্বিবন বৰুৱাইয়ে প্ৰদৰ্শন কৰিছিল। দশকৰ ৰুচিৰ পৰিবৰ্তনৰ খবৰ নৰখা বাবে একেগৰাকী দ্বিবন বৰুৱাকেই দৰ্শকে গ্ৰহণ নকৰিলে। প্ৰায় একে সময়তে, প্ৰায় একে আবেদনৰ কাহিনীৰে কে. বিশ্বনাথে তামিল ভাষাত নিৰ্মাণ কৰা ‘স্বাতীমুথ্যম’ ছুপাৰহিত ছবি হিচাবে পৰিগনিত হৈছিল (এই

ছবিখন হিন্দীত ‘ঈশ্বৰ’ নামেৰে পুনৰ নিৰ্মাণ কৰা হৈছিল)। শিৱপ্ৰসাদ

৫০