পৃষ্ঠা:Chalachitra.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ’৮১-৯৩, এই কালছোৱাত ব্যাৱসায়িক দিশত সফল হোৱা কেইখনমান ছবি আছিল ‘ককা দেউতা নাতি আৰু হাতী’ (’৮৩) পুলক গগৈৰ ‘সেন্দুৰ’ (’৮৪), শিৱপ্ৰসাদ ঠাকুৰৰ ‘সোণমইনা’ (’৮৪), আৰু ‘মন-মন্দিৰ’ (’৮৫), দাৰা আহমেদৰ ‘পূজা’ (’৮৫) আৰু ব্ৰজেন বৰাৰ ‘ৰঙানদী’ (’৯০)। এই জনপ্ৰিয় ছবিকেইখনৰ কাহিনী আৰু পৰিবেশন ৰীতি চালেই ধৰা পৰিব যে দৰ্শকৰ ৰুচিবোধৰ পৰিবৰ্তন ঘটিছে। ’৮২ চনত নিৰ্মিত ‘বোৱাৰী’ আছিল পাৰিবাৰিক মেলোড্ৰামাসৰ্বস্ব ছবি। জনপ্ৰিয় হ’ব পৰা গীত আছিল ছবিখনৰ অন্যতম আকৰ্ষণ৷ বাংলা ছেন্টিমেন্ট সৰ্বস্ব কাহিনীৰ প্ৰভাব থাকিলেও ছবিখনত অসমীয়া গোন্ধ এটা আছিল। ’৯০ ৰ ‘ৰঙানদী’ হ’ল মাদ্ৰাজ আৰু বোম্বাইৰ মচলা আক্ৰান্ত ছবি। ‘বোৱাৰী’ৰ নায়কে গোৱা বিহুগীতৰ পৰিবৰ্তে ‘ৰঙানদী’ৰ নায়কে হিন্দী ছবিৰ আৰ্হিৰ গীত গায়- এই ছবি দুখনৰ পৰিবেশন পদ্ধতিতো০ মাদ্ৰাজৰ ছবিৰ ভমক ভৰ্তি (এটা দৃশ্য কামাল হাচানৰ ‘অপ্পু ৰাজা’ ছবিৰ পোনপটিয়া অনুৰণ)। টিভি, ভিডিঅ’ আদিৰ ব্যাপক প্ৰচলনে যে দৰ্শকৰ এই পৰিৱৰ্তনত সহায় কৰিছে তাত অকণো সন্দেহ নাই। ’৮৫ চনত দাৰা আহমেদৰ ‘পূজা’ ছবিখনে দৰ্শকৰ দ্বাৰা সমাদৃত হোৱাৰ অন্যতম প্ৰধান কাৰণ আছিল এই ছবিখনে অসমীয়া দৰ্শকক বাংলা ছেণ্টিমেণ্ট সৰ্বস্ব ছবিৰ মায়াজালৰ পৰা মুক্ত কৰি মাদ্ৰাজ-বোম্বেৰ মচলা যোগান ধৰিছিল- যিটো বস্তু সেই সময়ৰ দৰ্শকৰ বাবে অসমীয়া ছবিত নতুন আছিল। দাৰা আহমেদে তেওঁৰ পৰবৰ্তী ছবিবোৰত তেনে উপাদানৰ প্ৰয়োগ কৰিব পৰা নাছিল বাবে ‘পূজা’ৰ দৰে সাফল্য অইন ছবিত প্ৰদৰ্শিত নহ’ল। কাৰিকৰী দিশত দৰা আহমেদ যথেষ্ট কৌশলী আৰু দক্ষতাৰ চিনাকি তেওঁৰ ছবিবোৰত পোৱা যায়। কিন্তু উপযুক্ত কাহিনী আৰু চিত্ৰনাট্যৰ অভাব তেওঁৰ ধাৰাবাহিক সাফল্যৰ পথৰ হেৰ হৈ আছে।

 যি ধৰণৰ কাহিনীৰে শিৱপ্ৰসাদ ঠাকুৰে ‘বোৱাৰী’ৰ দৰে হিট ছবিৰউপহাৰ দিছিল, সেই একে সুৰীয়া পাৰিবাৰিক কাহিনীৰে নিৰ্মাণ কৰা

‘শেৱালী’ (’৮৯) ছবিয়ে এই একেই সাফল্য অৰ্জন কৰিব নোৱাৰিলে। ’৮৩ নিপ বৰুৱাই নিৰ্মাণ কৰা ‘ককাদেউতা, নাতী আৰু

৪৯