পৃষ্ঠা:Chalachitra.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে অসমীয়া ছবিয়ে। এই চিত্ৰগৃহবোৰৰ অৱস্থা, চিত্ৰগৃহৰ চৌপাশে থকা অসামাজিক লোকৰ সমাবেশ আদিয়ে অসমীয়া পৰিয়ালবোৰক চিত্ৰগৃহলৈ অহাত বাধা দিয়ে। অসমীয়া ছবিৰ ব্যৱসায়িক সাফল্যৰ বাবে পৰিয়াল হিচাবে দৰ্শকৰ আগমন হোৱাটো অতি জৰুৰী। অসমীয়া ছবিয়ে মুক্তিলাভ কৰা চিত্ৰগৃহবোৰৰ অৱস্থা ইমানেই বেয়া, অকণমান সংবেদনশীল লোকেও নিজৰ পৰিয়ালক লৈ সেইবোৰ চিত্ৰগৃহলৈ যাবলৈ কুণ্ঠিত হয়। এই অৱস্থাৰ উন্নতি নোহোৱালৈকে অসমীয়া ছবিৰ দৰ্শক প্ৰেক্ষাগৃহলৈ উভতি অহাৰ আশা কম। আনহাতে এইটোও সত্য যে অসমীয়া ছবিয়ে অনা-অসমীয়া দৰ্শকক অকৰ্ষণ কৰিব পৰা নাই। অকল নিশাৰ দৰ্শনীৰ তৃতীয় শ্ৰেণীৰ দৰ্শকৰ কথা কোৱা নাই, সামগ্ৰিক ভাৱে অনা-অসমীয়া দৰ্শকৰ কথা কৈছোঁ। ছবিৰ মানেই একমাত্ৰ কাৰণ নহয়, উপযুক্ত প্ৰচাৰৰ অভাৱো ইয়াৰ এটা কাৰণ।

 অসমীয়া ছবিয়ে দৰ্শক নোপোৱাৰ আন এটা কাৰণ হ’ল পৰিবেশনৰ ক্ৰুটী। ছবিৰ পৰিবেশন ব্যৱসায়টো অসমত মাত্ৰ কেইজনমান পৰিবেশকৰ কুক্ষিত। তেওঁলোকে অসমীয়া ছবি এখন সকলো ঠাইতে ৰিলিজ হোৱাটো নিবিচাৰে। মাত্ৰ কেইখনমান ঠাইতে অসমীয়া ছবিখন চলাই তাক বাকচত বন্দী কৰি পেলাই থৈ দিয়ে।

 ইয়াৰ কাৰণ হ’ল পৰিবেশকসকলে হিন্দী ছবিৰ পৰিবেশন স্বত্ব ক্ৰয় কৰাৰ বাবে বহু টকা বিনিয়োগ কৰে। সেই টকা সংগ্ৰহ কৰাৰ বাবে হিন্দী ছবিৰ প্ৰদৰ্শনত অধিক মনোযোগ দিয়ে। অসমীয়া ছবি পৰিবেশনৰ বাবে পৰিবেশকে কোনো অৰ্থ বিনয়োগ কৰাৰ প্ৰয়োজন নাই। প্ৰযোজকেই সকলোখিনি অৰ্থ বিনিয়োগ কৰে। নিজৰ অৰ্থ বিনিয়োগ নহয় বাবেই পৰিবেশকে অসমীয়া ছবিৰ প্ৰতি মনোযোগ নিদিয়ে। যিসকল ব্যৱসায়ী অকল টকা ঘটাৰ প্ৰতিয়েই দায়বদ্ধ তেনেকুৱা ব্যৱসায়ীৰ পৰা সহানুভূতিসূচক দৃষ্টি আশা কৰা উচিত নহয়।

 পৰিবেশকসকলৰ ভাষ্য হ’ল- অসমীয়া ছবিৰ দৰ্শক নাই বাবেই তেওঁলোকে অসমীয়া ছবিৰ প্ৰদৰ্শন নকৰে। কথাটোৰ সত্যতা খুব বেছি আছে বুলি ক’ব নোৱাৰি। প্ৰতিখন হিন্দী ছবিয়েই ‘মোহৰা’,

‘হাম আপকে হ্যে কৌন’ বা ‘বেম্বে’ নহয়। এখন সাধাৰণ মানৰ

৪২