পৃষ্ঠা:Chalachitra.pdf/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰত্ৰিয়াত অনুপস্থিত। ছবি ৰিলিজৰ দুসপ্তাহমানৰ পিচত ভিডিঅ’ কেছেট ৰিলিজ কৰা হৈছিল, ধৰিলোৱা হৈছিল ভিডিঅ’ কেছেট ৰিলিজ হোৱাৰ পিচতেই প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ কমি যাব। এই অনুমান প্ৰমাণ কৰি দিছিল যশ চোপ্ৰাৰ ‘লম্‌হে’ ছবিয়ে। প্ৰেক্ষাগৃহত এই ছবি দৰ্শকে আদৰি লোৱা নাছিল, কিন্তু ভিডিঅ’ চাৰ্কিটত এই ছবিৰ ব্যৱসায় আছিল ভাল।

 পুনৰ ‘হাম আপকে হ্যে কৌন’ ছবিৰ কথালৈ আহোঁ। এই ছবিৰ সীমিত সংখ্যক প্ৰিণ্ট ৰিলিজ কৰা হৈছিল। ছৰিৰ ভিডিঅ’ কেছেট ৰিলিজ কৰা হোৱা নাই এতিয়ালৈকে। তথাপিতো এই ছবি ভিডিঅ’ কেছেট ভিডিঅ’ কেছেট লাইব্ৰেৰীত পোৱা যায়— যিবোৰ কেছেট চোৰাংভাবে নিৰ্মাণ কৰা। প্ৰেক্ষাগৃহত ছবিখন চলি থাকোতে সাধাৰণ ‘ভি এইচ এছ’ ভিডিঅ’ কেমেৰাৰে ছবিখন তুলি ৰাখি কেছেট বনোৱা হৈছিল। ফলত ভিডিঅ’ কেছেটত চবিবোৰ ভালদৰে অহা নাছিল, শব্দও হৈছিল শ্ৰৱণ ইন্দ্ৰিয়ৰ বাবে অতি অযোগ্য। ভিডিঅ’ৰ এই দুৰৱস্থাই ছবিখনক অতিৰিক্ত প্ৰচাৰ দিছিল, চিত্ৰগৃহৰ চোতালত দৰ্শকৰ ভিৰ বৃদ্ধি পাইছিল। ‘হম আপকে হ্যে কৌন’ৰ এই সাফল্যই উৎসাহ প্ৰদান কৰিছিল ‘কৰণ অৰ্জুন’ৰ প্ৰযোজক ৰাকেশ ৰোচনক। ৰাকেশ ৰোচনে ছবিৰ ভিডিঅ’ কেছেট প্ৰচাৰৰ বাবে চুক্তি কৰিছিল ‘টাইম ভিডিঅ’ৰ লগত। ছবি ৰিলিজ হোৱাৰ ছমাহৰ পিচত ভিডিঅ’ কেছেট উলিওৱা হ’ব। ছমাহৰ পিচত যেতিয়া দেখা গ’ল যে প্ৰেক্ষাগৃহত দৰ্শকৰ সংখ্যা কমা নাই, তেতিয়া তেওঁ ভিডিঅ’ কেছেট প্ৰকাশৰ পৰিকল্পনা বাতিল কৰি দিয়ে। এই দুখন ছবিৰ সাফল্যৰ পিচত এতিয়া বহু প্ৰযোজকে ছবিৰ ভিডিঅ’ কেছেট ৰিলিজ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 পূৰ্বতেই উল্লেখ কৰিছোঁ, টিভিৰ আক্ৰমণৰ কালছোৱাত ‘মেইণ্টেনেন্স’ৰ অভাৱত বহু চিত্ৰগৃহৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ৰাজশ্ৰীয়ে ছবিখন ৰিলিজ কৰাৰ আগতে নিৰ্বাচিত চিত্ৰগৃহবোৰ পুনৰ নতুনকৈ সজাই-পৰাই লৈছিল, বহু চিত্ৰগৃহ শীত-তাপ নিয়ন্ত্ৰিত কৰি

লোৱা হৈছিল। দৰ্শকক পূৰ্ণ বিনোদন দিয়াৰ সকলো ব্যৱস্থা ছবিৰ

৩৯