পৃষ্ঠা:Chalachitra.pdf/৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলা-কুশলীসকলে। অৰবিন্দ স্বামীৰ দৰে প্ৰায় নতুন অভিনেতা আৰু মণিষা কৈৰালাৰ দৰে বাতিল প্ৰায় অভিনেত্ৰিৰে মণিৰত্নমে নিৰ্মাণ কৰি উলিয়ালে ‘বোম্বে’ৰ দৰে হিত ছবি। বহু হিট ছবিৰ অংশ বিশেষৰ সংকলনেৰে ৰাকেশ ৰোচনে নিৰ্মাণ কৰিলে ‘কৰণ-অৰ্জুন’— যিখনো বিৰাট হিট ছবি। আৰু সুৰজ বৰজাত্য? চলমন খান আৰু ভাগ্যশ্ৰীৰ দৰে নতুন নায়ক-নায়িকাক লৈ নিৰ্মাণ কৰিলে ‘মেইনে প্যাৰ কিয়া’ আৰু বোম্বেৰ চিনেমা ইন্ডাষ্ট্ৰিয়ে নাকচ কৰি দিয়া চলমন খানক ‘হিৰো’ সজাই নিৰ্মাণ কৰিলে ‘হাম আপকে হ্যে কৌন’। ব্যৱসায়ৰ দিশৰ পৰাই দুয়োখন ছবিয়েই ইতিহাস। আনফালে ফ্লপৰ তালিকাত আছে ৰমেশ ‘শ্বোলে’ চিপ্পিৰ অমিতাভ কেন্দ্ৰীক ছবি ‘অকেলা’। আন ফ্লপ ছবিবোৰৰ কথা বাদেই দিলোঁ।

 এই নতুন পৰিচালকৰ হিত ছবিবোৰৰ এটা কথা মন কৰিবলগীয়া এয়ে যে প্ৰতিখন ছবিৰ পৰাই দৰ্শকে চকু মুহূৰ্তৰ বাবেও আঁতৰ কৰিবলৈ সক্ষম নহয়। কাহিনীৰ দিশৰ পৰা প্ৰতিখন ছবিয়েই আওপুৰণি, কিন্তু কাহিনী আছে আৰু সেই কাহিনী অতি দ্ৰুতগতি সম্পন্ন। সুৰজ বৰজাত্যৰ দুয়োখন ছবিয়েই অতি লেহেম গতিৰ কিন্তু নাচ-গান আৰু সুন্দৰ দৃশ্যগ্ৰহনৰ বাবেই এই ছবি দুখনে দৰ্শকক বিৰক্ত নকৰে।

 ‘হাম আপকে হে কৌন’ৰ প্ৰযোজক-পৰিবেশক হ’ল ৰাজশ্ৰী প্ৰডাকচনছ— যাৰ নিজস্ব পৰিবেশন নেটৱৰ্ক আছে। নিৰ্বাচিত চহৰৰ নিৰ্বাচিত চিত্ৰগৃহত তেওঁলোকে ছবিখন ৰিলিজ কৰিছিল আৰু তাৰ ফলাল চাই পৰবৰ্তী চাল ঠিৰাং কৰিছিল। ইয়াৰ আগতে কিন্তু চিনেমা ৰিলিজৰ প্ৰক্ৰিয়া কিছু পৃথক আছিল। ভিডিঅ’ৰ আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ একেলগে বহুত প্ৰিন্ট বনাই লৈ ভাৰতৰ সৰ্বত্ৰতে ছবিখন একেলগে ৰিলিজ কৰা হৈছিল, যাতে প্ৰথম দুটামান সপ্তাহতে বুজন পৰিমানৰ টকা সংগ্ৰহ কৰিব পৰা যায়। এই প্ৰক্ৰিযাত ছবিখন দৰ্শকে আদৰি ল’লে প্ৰথম দুটামান সপ্তাহতে প্ৰযোজকে কিছু টকা ঘূৰাই পাইছিল আৰু ছবিখন দৰ্শকে গ্ৰহন নকৰিলে ছবিখনৰ পতনো ক্ষিপ্ৰতৰ

হৈ পৰিছিল। লাহে লাহে ভাগ্য উদ্ধাৰৰ সুবিধা আৰু পৰিবেশ এই

৩৮