পৃষ্ঠা:Chalachitra.pdf/৪৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনী নিৰ্ভৰ ছিৰিয়েল চোৱাৰপিছত ‘কাহিনী’ থকা চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িল, মেলডিয়াছ গীতৰ প্ৰতি দৰ্শক অধিক সহানুভূতিশীল হৈ পৰিল আৰু দৰ্শকৰ আগ্ৰহ-অনাগ্ৰহ অধিক স্পষ্ট হৈ পৰিল। যোৱা কেইবছৰমানৰ বক্স অফিচ ৰেকৰ্ড চালে দেখা পাম যে যিবোৰ ছবি দৰ্শকে আদৰিছে, তাক ভালকৈ আদৰিছে আৰু যিবোৰ ছবি বেয়া পাইছে তাক একেবাৰে নাকচ কৰি দিছে। ‘মজলীয়া হিট’ ছবিৰ সংখ্যা দ্ৰুতগতিত লোপ পাই গৈছে। আৰু এটি চমকপ্ৰদ বিশেষত্ব হ’ল হিন্দী ছবিৰ পৰা ‘ষ্টাৰ ছিষ্টেম’ প্ৰায় লোপ পাই গৈছে। এটা সময় আছিল ৰাজেশ খান্না বা অমিতাভ বচ্চনৰ ছবি বুলি ক’লেই দৰ্শক হিলদ’ল ভাঙি ওলাই আহিছিল। অকল অমিতাভৰ ছবি বুলিয়েই ‘শৰাবী’ আদিৰ দৰে অতি সাধাৰণ মানৰ ছবি ছুপাৰ-ডুপাৰ হিট হৈছিল। কিন্তু পিচলৈ দেখা গ’ল ‘অমিতাভ সৰ্বস্ব’ একে মানৰ ছবি ‘তুফান’, ‘যাদুগৰ’ ‘ইনচানিয়ৎ', আদিয়ে বক্স অফিচত বিশেষ সুবিধা কৰিব নোৱাৰিলে। তাৰ পৰিবৰ্তে, দৰ্শকে এজন অভিনেতাক চোৱাৰসলনি একমুহূৰ্তও পৰ্দাৰ পৰা চকু আঁতৰ কৰিব নোৱৰা ছবি চাবলৈ অধিক আগ্ৰহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। ফলত হিন্দী ছবিজগতত আন এবিধ নতুন তাৰকাৰ জন্ম হ’ল— পূৰ্বৰ ‘অভিনেতা-অভিনেত্ৰী তাৰকা’ৰ ঠাই এতিয়া দখল কৰিলে ‘তাৰকা-পৰিচালকে’। এইটোও ঠিক যে সাধাৰণ দৰ্শক এজনৰ বাবে পৰিচালক এজনৰ নামৰ কোনো গুৰুত্ব নাই, এই গুৰুত্ব আছে অকল চিত্ৰ প্ৰযোজক আৰু পৰিবেশকৰ মাজতহে।

 এনেকুৱা এজন তাৰকা হ’ল ডেভিড ধাৱান। গোবিন্দ, কৰিস্মা কাপুৰ আদিৰ দৰে দ্বিতীয় শ্ৰেণীৰ তৰকাৰে ডেভিড ধাৱানে উপহাৰ দিছিল ‘ৰাজাবাবু’ ‘আঁখে’ আদিৰ দৰে হিট ছবি। আন এজন তাৰকা পৰিচালক হ’ল ৰাজীৱ ৰায়— যিয়ে অক্ষয়কুমাৰ, সুনীল চেট্টী আদিৰ দৰে মাংসপেশী সৰ্বস্ব আৰু ৰবীনা টেণ্ডনৰ দৰে দেহৰ্স্বস্ব অভিনেত্ৰীৰে নিৰ্মাণ কৰিছিল ‘মোহৰা’ৰ দৰে হিট ছবি। এই ছবিবোৰত এই অভিনেতা-অভিনেত্ৰীবোৰে মাৰপিট কৰা আৰু দেহপ্ৰদৰ্শন কৰাৰ বাহিৰে আন একো কৰিবলগীয়া হোৱা নাই। বাকী সকলোখিনি কৰিছে

পৰিচালক, কেমেৰামেন আৰু সম্পাদকে। আৰু কৰিছে কাৰিকৰী দিশৰ

৩৭