পৃষ্ঠা:Chalachitra.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পথ নিৰ্দেশক’ হিচাপে দিয়া ব্যাখ্যা চলচ্চিত্ৰ পৰিচালক গৰাকীৰ ক্ষেত্ৰতো প্ৰযোজ্য। পৰিচালকে যেনেদৰে নিজৰ ইউনিটক লক্ষ্যৰ পিনে আগবঢ়াই নিয়ে তেনেদৰে দৰ্শককো তেওঁ ছবিখনৰ মাজেৰে পথ-নিৰ্দেশ কৰি লৈ যায় যাতে দৰ্শকে তেওঁৰ লক্ষ্যত উপনীত হ’ব পাৰেগৈ। অন্যথাই দৰ্শক নিজৰ পথেৰেই আগবাঢ়িব আৰু শেষত য’ত উপনীত হ’ব সেয়া চিত্ৰ-নিৰ্মাতা গৰাকীৰ ইস্পিত লক্ষ্য বিন্দু নহ’বও পাৰে। ছবি নিৰ্মাণৰ কাৰিকৰী লোকসকলক নিজৰ পথেৰে আগবঢ়াই নিয়াৰ বাবে, কাৰিকৰী লোকসকলৰ লগত মানসিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়োজনত, পৰিচালক গৰাকী যেনেদৰে কাৰিকৰী জ্ঞানেৰে জ্ঞানী হ’ব লাগিব, তেনেদৰে দৰ্শকক পথ নিৰ্দেশ কৰাৰ বাবে পৰিচালকৰ আয়ত্তত থাকিব লাগিব নিজৰ ইস্পিত লক্ষ্যৰ স্পষ্ট ধাৰণা আৰু দৰ্শকৰ সামাজিক, অৰ্থনৈতিক আৰু মানসিক অৱস্থানৰ সঠিক মানচিত্ৰ।

 এই দিশবোৰ বিবেচনা কৰি চালে দেখা যায় যে অসমৰ অধিকাংশ চিত্ৰ-পৰিচালকেই এই চৰ্তবোৰ ভালদৰে পালন কৰিব পৰা নাই। কোনাবাজনে যদি ছবিৰ মূল বক্তব্য প্ৰকাশত কিছুদূৰ আগবাঢ়িব পাৰিছে, তেওঁ হয়তো নিৰ্মাণ কৌশলৰ দিশৰ পৰা পিচ পৰি আছে। অথবা ইয়াৰ বিপৰীতটোও হোৱা দেখা গৈছে।

 বক্তব্যৰ দিশত পিচ পৰি থকা মূল কাৰণটো হ’ল জীৱন আৰু জীৱন দৰ্শন সম্পৰ্কে পৰিচালকৰ স্পষ্ট ধাৰণাৰ অভাৱ, অনুভূতিৰ তীব্ৰতাহীনতা, সামাজিক দ্বন্দ্ব আৰু সমস্যাৰ বিষয়ে সজাগতা অভাৱ আৰু শিল্পৰ উদ্দেশ্য, শক্তি আৰু মহত্ত্বৰ বিষয়ে অজ্ঞতা বা এই দিশৰ পিনে আওকাণ কৰা মনোভাৱ। সাহিত্য আৰু অন্য শিল্প-মাধ্যমবোৰৰ লগত দীৰ্ঘদিনৰ আত্মিক সম্পৰ্ক নাথাকিলে এইবোৰ ধাৰণাই ব্যাপ্তি লাভ কৰিব নোৱাৰে।

 নিৰ্মাণ কৌশলৰ দিশত পিচ পৰি থকাৰ কাৰণ ভালেমান। কেমেৰাৰ শক্তিৰ বিষয়ে থাকিবলগীয়া জ্ঞানৰ অভাৱ, অন্য যান্ত্ৰিক অহিলাবোৰৰ উপযুক্ত প্ৰয়োগ আৰু তাৰ পুনৰ প্ৰয়োগৰ জ্ঞানৰ অভাৱ, সম্পাদনাৰ দ্বিমাত্ৰিক সম্ভাৱনীয়তা আবিষ্কাৰৰ প্ৰতি উদাসীনতা- এইবোৰ হ’ল প্ৰধান

কাৰণ। চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হয় নাটক, গদ্য-সাহিত্য,

২৬