পৃষ্ঠা:Chalachitra.pdf/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 গড়পাৰ ৰোডৰ সেই ঘৰটোত আছিল উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰীৰ বিখ্যাত প্ৰেছটা— য’ত শিশু সত্যজিতে অতিবাহিত কৰিছিল অলেখ আবেলি। "I think the most vivid memory is of the printing press and block making department. because I used to spend my afternoons there..... the department of the compositors and I would just walk in ... and there was a process camera which used to fascinate me a great deal..."

 অপৰাজিত ছবিত অপূক প্ৰেছত কাম কৰা দেখুৱাবলৈ সত্যজিতে প্ৰেছৰ অলেখ উপাদানৰ পৰা বিচাৰি উলিয়াইছিল অপুই ট্ৰেডেল মেচিনত কাম কৰি থকা দৃশ্য।

 সত্যজিতে পুনৰ কৈছে— '.....and the smell of turpentine which I had forgotten, but I smell it again when I went to a press. When I was in advertising and, immediately all the memories of Garpar came rusting back. লগে লগে মনলৈ ‘চাৰুলতা’ ছবিৰ ভূপতিৰ সেই সংলাপটি— ‘মোৰ খুব প্ৰিয় এটি গোন্ধ! ছপাশালৰ চিয়াহীৰ গোন্ধ! (ইংৰাজীৰ পৰা অনুদিত)।

 শৈশৱত সত্যজিতে মাকৰ লগত ফুৰিবলৈ গৈছিল.......we used to spend holidays...very exicting holidays in hill-stations in Bihar, and we spent long holidays in Darjilling and the first sight of Kunchanjangha was really just unforgetable.....' এই স্মৃতিয়েই সত্যজিতক দাৰ্জিলিঙৰ বুকুলৈ টানি নিছিল ‘কাঞ্চলজংঘা’ ছবি নিৰ্মাণৰ বাবে। ছবিৰ শেষৰ কাঞ্চনজংঘা শ্বটটি সম্পূৰ্ণ মিলি যায় সত্যজিতে কৈশৰতে দেখা সেই কাঞ্চনজংঘাৰ লগত– 'There were the snows, red pink, with the sunlight, with the snow catching the sunlight'.

 ফেলুদা চৰিত্ৰটোত— যিটোক আমি সত্যজিতৰ Model role বুলি ক’ব পাৰে, সেই ফেলুদা সক্ষম- সমৰ্থ যুৱক হ’লেও তেওঁ নাৰীৰ লগত ক’তো সামান্যতমো ঘনিষ্ঠতা প্ৰকাশ কৰা নাই। এজন স্বাভাৱিক

যুৱকৰ ক্ষেত্ৰতো এই কথা সম্ভৱনে? সম্পূৰ্ণ বাস্তববাদী শিল্পী হৈয়ো

২২