পৃষ্ঠা:Chalachitra.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিলে। বহুদিন মনৰ মাজত এই ঘটনাই খুন্দিয়াই থকাৰ পিচত ইয়াৰ বহিৰ্প্ৰকাশ ঘটিল ‘নায়ক’ ছবিৰ মাজত। এটি দৃশ্যত নায়ক এঠাইৰ পৰা আহি আছে, অতিক্ৰম কৰিছে কাৰখানা এটা- কাৰখানাৰ শ্ৰমিকবোৰে ধৰ্মঘট কৰি আছে- নায়কক দেখা পালে শ্ৰমিক নেতা এজনে যিজন নায়কৰ পুৰণি বন্ধু। তেওঁ আহি নায়কৰ ওচৰ পালে আৰু ধৰ্মঘটকাৰী শ্ৰমিকসকলৰ ওচৰত এবাৰ থিয় হ’বলৈ নায়কক অনুৰোধ কৰিলে। নিজৰ সামাজিক স্থিতি, চলচ্চিত্ৰ যোগে লাভ কৰা গ্লেমাৰৰ দেহত আঘাত লগাৰ ভয় আদিয়ে নায়কক বাধা দিলে বন্ধুৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰা যন্ত্ৰণাত নায়কৰ এই প্ৰত্যাক্ষান দৃশ্যৰ মাজত বাহ্যিক সাদৃশ্য নাই, কিন্তু মানসিক যন্ত্ৰণাৰ সাদৃশ্য আছে। আপাতদৃষ্টিত নায়কৰ চৰিত্ৰৰ এটি সূক্ষ্ম অংশ প্ৰকাশ কৰাৰ বাবে ব্যৱহৃত এই দৃশ্যটি সত্যজিতৰ অনুভূতিৰ দিশৰ পৰা চালে যথেষ্ট গুৰুত্বপূৰ্ণ।

 ‘নায়ক’ ছবিত এনেকুৱা অলেখ দৃশ্য-সংলাপ আছে, যিবোৰ চলচ্ছিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ৰ নানান অভিজ্ঞতা প্ৰতিফলিত কৰে। আত্মজৈৱনিক এই ঘটনাবোৰে সত্যজিতক ইমানেই আচ্ছন্ন কৰি ৰাখিছিল যে এনেকুৱা অলেখ দৃশ্যই ছবিখনৰ মূল বক্তব্যক বিশেষ সহায় নকৰাত ছবিখনৰ গাঁঠনি শিথিল হ’বলৈ বাধ্য হৈ পৰিছিল। সেয়ে শিল্পৰ দিশৰ পৰা এই ছবিখন সত্যজিতৰ আন বহু ছবিৰ সমান স্তৰলৈ উন্নীত নহ’ল। শিল্পৰ দিশৰ সলনি সত্যজিতৰ জীৱন আৰু ব্যক্তব্যৰ দিশৰ পৰা চালে এই ছবিখনে সত্যজিতক আগ্ৰহীসকলৰ অভিজ্ঞতা আৰু অনুভবৰ নতুন দুৱাৰ উন্মোচিত কৰিব।

 শৈশবৰ দিনবোৰ মানুহৰ জীৱনলৈ বাৰে বাৰে উভতি আহে। আচলতে শৈশৱ নাহে, আহে শৈশৱব সেইবোৰ স্মৃতি — যিবোৰ খোদিত হৈ ৰৈ যায় মনৰ মণিকোঠাত। উভতি আহে আৰু প্ৰতিফলিত হয় জীৱন আৰু শিল্পৰ মাজত।

 সত্যজিতৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল গড়পাৰ ৰোডৰ সেই ঘৰটিৰ তিনি মহলাৰ চাদত— য’ত তেওঁ আনন্দ মনেৰে উভভোগ কৰিছিল চিলা উৰোৱা দৃশ্য। প্ৰৌঢ় সত্যজিতে নিৰ্মাণ কৰা ‘সতৰঞ্জ কা

খিলাড়ী’ত লক্ষ্ণৌ চহৰৰ আনন্দ-উচ্ছল মুড প্ৰকাশ কৰাৰ বাবে বিচাৰি

২১