পৃষ্ঠা:Chalachitra.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৈহিক অবয়বো নিজৰ অবয়বব লগত সাদৃশ্যপূৰ্ণভাবে ৰাখিবলৈ চেষ্টা কৰিছিল। সেয়ে অপুৰ চৰিত্ৰৰ বাবে অভিনেতা হিচাপে নিৰ্বাচন কৰিছিল সৌমিত্ৰ চট্টোপধ্যায়ক। কাহিনীৰ দিশৰ পৰা অপু এজন সাধাৰণ, দৈহিক ৰূপৰ বিশেষত্বহীন বাঙালী যুৱক। এই চৰিত্ৰৰ বাবে সত্যজিতে নিৰ্বাচন কৰা সৌমিত্ৰৰ দৈহিক উচ্চতা সহজে চকুত পৰা বিধৰ, সাধাৰণ বাঙালী যুৱকৰ গড় উচ্চতাতকৈ অধিক। সৌমিত্ৰৰ উজ্জ্বল চকুৰ বুদ্ধিদীপ্ত আবেদন, মুখমণ্ডলত বিৰাজ কৰা গভীৰ নিসংগতা আৰু অন্তৰ্মুখী ভাবৰ প্ৰতিফলন অপুৰ চৰিত্ৰৰ লগত যিমানখিনি মিলি যায়, তাতকৈ অধিক সাদৃশ্য প্ৰতিফলিত হয় সত্যজিতৰ নিজৰ চেহেৰাৰ লগত।

 প্ৰতিগৰাকী পৰিচালকেই যিদৰে নিজৰ মনোজগতৰ নানান অনুভূতি- অভিজ্ঞতা ছিনেমাৰ ঘটনাৰ মাজেৰে প্ৰকাশ কৰি এক মুক্তিৰ পবিতৃপ্তিৰ সন্ধান কৰে, সেই পৰিতৃপ্তি অধিক নিবিড় কৰাৰ বাবে একো একোগৰাকী অভিনেতা-অভিনেত্ৰীৰ সন্ধান কৰে যাৰ মাজেৰে পৰিচালক গৰাকীয়ে নিজকে প্ৰকাশ কৰাৰ উপযুক্ত বাহন বুলি বিবেচনা কৰে। সেয়ে বহু পৰিচালকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজৰ ছবিৰ মাজৰে উপস্থাপন কৰি থাকে। আকিৰা কুৰোশ্বাৱাৰ ছবিত টচিৰো মিফুনো, ইংমাৰ বাৰ্গমেনৰ ছবিত মেক্স ভন চিডো, জাঁ লুক গডাৰৰ ছবিত জাঁ- পল-বেলমেন্দো, ষ্টিভেন স্পিলবাৰ্গৰ ছবিত হেৰিচন ফ’ৰ্ড ইত্যাদি ইয়াৰ সহজ উদাহৰণ। পৰিচালক একো গৰাকীয়ে একো একোটি চৰিত্ৰৰ মাজত নিজৰ প্ৰতিফলন আৱিষ্কাৰ কৰে আৰু সেই প্ৰতিফলন প্ৰকাশ কৰিবলৈ সেই বিশেষ অভিনেতা গৰাকীক ৰূপালী পৰ্দালৈ লৈ আহে।

 সত্যজিৎ-সৌমিত্ৰৰ ক্ষেত্ৰত এই কথাটো খাটাংকৈ কৈ দিব নোৱাৰি যে সৌমিত্ৰ অভিনীত প্ৰতিটো চৰিত্ৰই সত্যজিতৰ প্ৰতিফলন। তথাপিতো সৌমিত্ৰ অভিনীত অধিকাংশ চৰিত্ৰৰ মাজতেই সত্যজিতৰ প্ৰতিফলন দেখা যায়। এই সৌমিত্ৰ প্ৰিয়তাই সত্যজিতক এবাৰ বিপদতো পেলাইছিল। ‘অভিযান’ ছবিৰ ৰুক্ষ ৰাজপুত্ৰ টেক্সি ড্ৰাইভাৰ নৰসিংহৰ ভুমিকাত সৌমিত্ৰ কোনোমতেই খাপ খোৱা নাছিল। প্ৰখ্যাত সমালোচক চিদানন্দ দাসগুপ্তৰ মতে অভিনেতা নিৰ্বাচনৰ এই ভুলৰ বাবেই ছবিখন ‘সম্পূৰ্ণ বিফল’

ৰূপে চিহ্নিত হৈছিল।

১৭