পৃষ্ঠা:Chalachitra.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

intellectual. If it had been gambling, there'd be no problem. But, the beauty of the story lies in the parallel that Prem Chand draws between the game and the moves of craftly Raj, leading to capture of the king."

 দুয়োখন ছবিৰ নৃত্যগীতৰ অংশবোৰেই সত্যজিৎৰ আকৰ্ষণৰ মূল বিন্দু আছিল বুলি বিভিন্ন উদ্ধৃতিৰ পৰা প্ৰমাণ হয়। বিশাল জমিদাৰী আৰু সাম্ৰাজ্যৰ অবক্ষয় আৰু পতনৰ দিশটোৰ প্ৰতি সত্যজিতৰ বিশেষ মনোযোগ থকা বুলি তেওঁৰ কথাৰ পৰা অনুমান কৰিব নোৱাৰি যদিও দুয়োখন ছবিৰ আঁহে আঁহে গ্ৰথিত হৈ থকা বিষাদ আৰু কাৰুণ্যইহে ছবি দুখনৰ মূল আবেদন।

 ‘সতৰঞ্জ কি খিলাড়ী’ৰ মূল কাহিনীতেই অবক্ষয় আৰু কাৰুণ্যই গধূৰ বেদনা নিহিত হৈ আছে। কিন্তু নাচ-গান থকা ছবি কৰিবলৈ ওলাওতে বিষাদ-অবক্ষয়ৰ গল্প ‘জলচাঘৰ’এ কিয় প্ৰাধান্য পালে? সত্যজিতৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ পিনে ভালদৰে চালে এই প্ৰশ্নৰ সহজ উত্তৰ বিচাৰি পোৱা যায়।

 এক আঢ্যৱন্ত, ঐতিহ্যমণ্ডিত পৰিয়ালত জন্ম হৈছিল সত্যজিতৰ। উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰীৰ দিনত চাৰিওদিশৰ পৰা বিকশিত হৈ উঠা এই পৰিয়ালটোলৈ অৰ্থনৈতিক অবক্ষয় নামি আহিছিল অতি কম সময়ৰ ভিতৰতে। উপেন্দ্ৰ কিশোৰৰ মৃত্যুৰ মাত্ৰ কেইবছৰমান পিচতে অকাল মৃত্যুই সাৱটি লয় তেওঁৰ পুত্ৰ আৰু সত্যজিৎ পিতৃ সুকুমাৰ ৰায়ক। তাৰ পিচতেই সেই বিশাল সাম্ৰাজ্যলৈ পতন নামি আহে, আনকি শেষত শিশু সত্যজিতে মাকৰ লগত গৈ মোমায়েকৰ ঘৰত আশ্ৰয় ল’বলৈ বাধ্য হয়। আঢ্যৱন্ত অৱস্থা এটিৰ এই কৰুণ পৰিণতিৰ নেপথ্যত কাৰণবোৰ শিশু সত্যজিতে অনুধাৱন কৰিব নোৱাৰটো অতি স্বাভাৱিক, কিন্তু সেই সমৃদ্ধতাৰ বহু অংশই যে তেওঁৰ মনৰ বুজন অংশ অধিকাৰ কৰি আছিল তাত অকণো সন্দেহ নাই (দ্ৰষ্টব্য : যখন ছোট ছিলাম/ সত্যজিৎ ৰায়)। বৰ্দ্ধিত বয়সে সত্যজিতক উপলব্ধি কৰাইছিল তেওঁৰ পৰিয়ালৰ ঐতিহ্য আৰু সমৃদ্ধি। সেই উপলব্ধি আৰু স্মৃতিৰ সঞ্চয়ে

তেওঁৰ মনত জন্ম দিছিল বিষাদ আৰু কৰুণাৰ অনুভূতিৰ। মন-গহনত

১২