পৃষ্ঠা:Chalachitra.pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


where I started from. Bank balance is low and the future looks none too rosy.... One thing is certain— I have to make money on it (his next film). I am to continue as film-maker and not revert advertising.”

 আন এঠাইত সত্যজিৎ ৰায়ে কৈছে⸺ "......Aporajita was a failure at Box-office. Since it was a failure I had to think of doing something completely different... and I decided to make a film about music and dancing, the conventional the sort of formula that the Bengali public was used to, although in developing it, it became a completely different kind of film."

 এই দুটা উদ্ধৃতিৰ পৰা বুজি পোৱাত অকণো কঠিন নহয় যে নৃত্য- গীতৰ সমাবেশ ঘটুৱাই দৰ্শকৰ মনোৰঞ্জন কৰি দুপইচা অৰ্জন কৰিব পৰা ছবি এখন নিৰ্মাণ কৰা সত্যজিতৰ মূল লক্ষ্য আছিল।

 ‘সতৰঞ্জ কি খিলাড়ী’ নিৰ্মাণৰ ক্ষেত্ৰত কি কি দিশে বাৰু সত্যজিৎ ৰায়ক উৎসাহী কৰি তুলিছিল? 'I saw the king as an artist, a composer who made some contributions to the form of singing that developed in Locknow. In fact he was a great parton of music— that was one redeeming feature about the king.'

 ‘সতৰঞ্জ কি খিলাড়ী’ৰ কাহিনীভাগৰ সময় হ’ল লক্ষ্ণৌৰ শেষ নবাব ৱাজিদ আলি শ্বাহৰ ৰাজত্ব কাল। নৃত্য আৰু গীতত মগ্ন থকা ৱাছিদ আলি শ্বাহৰ ৰাজ্য বৃটিছে কৌশলেৰে লৈ যোৱা এই চক্ৰান্ত আৰু ইয়াৰ পটভূমি ভাৰতৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ অংগ হ’লেও এই দিশটোৱে সত্যজিৎ ৰায়ক প্ৰভাৱিত কৰা নাই। নবাবৰ ব্যক্তিগত জীৱনৰ আশা- আকাংক্ষা-হতাশা আৰু তাৰ সমান্তৰালভাবে দুজন ডবামগ্ন উজীৰৰ ব্যক্তিগত কথাকহে সত্যজিতে গুৰুত্ব দিছে। পৰিবৰ্তিত সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত ব্যক্তিমনৰ চিত্ৰ অংকনৰ এই প্ৰয়াসৰ বিষয়ে

সত্যজিৎ ৰায়ে নিজে এনেদৰে কৈছে— "also, to establish the idea of obsession— which is the basic development of the story— with a game which is basically abstract and

১১