পৃষ্ঠা:Chalachitra.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আত্মজৈৱনিক উপাদানৰ উপস্থিতি। এই উপাদান অকল ঘটনাই নহয়, ঘটনাৰ প্ৰতিক্ৰিয়া, অভিজ্ঞতা, অনুভৱ অথবা কল্পনা আনকি জীৱনত নঘটা ঘটনা যিবোৰ ঘটিলে হয়তো তেওঁ ভাল পালেহেঁতেন⸺ সেইবোৰো হ’ব পাৰে। এই উপাদানবোৰৰ পুনৰ নিৰ্মাণ যে অকল অনুভূতিৰ দিশৰ পৰাই ঘনবদ্ধ হৈ উঠে সেয়া নহয়—— ই স্ৰষ্টালৈ বহন কৰি আনে ‘কেথৰচিচি’ আস্বাদ—— যি ‘কেথৰচিচ’ শিল্পী গৰাকীৰ সৃষ্টি প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিল্পীয়েই হৃদয়ৰ গভীৰত কঢ়িয়াই লৈ ফুৰে অলেখ আশা-সপোন আৰু আকাংখা যিবোৰ হয়তো বাস্তবলৈ ৰূপান্তৰিত নহ'বও পাৰে। ফলত সৃষ্টিৰ মাজতেই সেই সপোনক বাস্তৱত দেখাৰ কল্পনাই শিল্পীক আকুল- ব্যকুল কৰাটোই স্বাভাৱিক। এই কল্পনাবোৰৰ বৰ্হিপ্ৰকাশ পাতলাই দিয়ে শিল্পীৰ মনৰ গধুৰবোজা, মগজুত খালি ঠাইৰ সৃষ্টি কৰে নতুন চিন্তাৰ প্ৰবেশৰ বাবে।

 সত্যজিৎ ৰায়ে নিৰ্মাণ কৰা মুঠ ৩৬খন তথ্যচিত্ৰ, কাহিনী-চিত্ৰৰ কাহিনী-বক্তব্য-বিষয়বস্তু, পটভূমি, চৰিত্ৰ, ৰস, আদিৰ মাজত ব্যাপক বিচিত্ৰতা আছে। কিন্তু তাৰ মাজতো কেতিয়াবা স্পষ্ট, কেতিয়াবা গধূলিৰ শেষ পোহৰৰ দৰেই ৰহস্যময় অস্পষ্ট হৈ আত্মপ্ৰকাশ কৰিছে সত্যজিৎ ৰায়ৰ বংশ-ঐতিহ্য, পাৰিবাৰিক-সামাজিক অৱস্থা, ব্যক্তিগত জীৱনৰ নানান ঘটনা-অনুভূতি, অভিজ্ঞতা, সপোন আৰু কল্পনাৰ বিচিত্ৰ উপাদান। ইয়াৰে বহু প্ৰতিফলনক পোনপতীয়াকৈ আত্মজীৱনী বুলি কৈ দিব নোৱাৰি, কিন্তু গভীৰভাবে চালেই কাণৰ ওচৰত স্পষ্টকৈ বাজি উঠে যে ছবিৰ দৃশ্য আৰু তাৰ সামাজিক ব্যক্তিগত ঘটনাৰ নেপথ্যত ঝংকৃত হৈ থকা সুৰৰ গঠন আৰু আবেদন সম্পূৰ্ণ একে।

 ‘জলসাঘৰ’ আৰু ‘সতৰঞ্জ কি খিলাৰী’⸺ এই দুয়োখন ছবিৰ মাজত থকা মুল সাদৃশ্যটি হৈছে বিশালত্বৰ অৱক্ষয়, পতনৰ কাৰুণ্যৰ এক বিষাদ ৰূপ। ‘জসসাঘৰ’ নিৰ্মাণৰ কাৰণ আছিল—— “The fact was that in late 1956, after the failure of 'Aporajita' at box-office, Satyajit Ray knew that he needed a winner.

As he put it then in a letter 'I am more or less back

১০