পৃষ্ঠা:Chalachitra.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শব্দবোৰে সময়ৰ ধাৰণা এটি দিয়ে। কিন্তু এই ধাৰণা দিয়াৰ বাবে আন বহু উপাদান পৰিচালকৰ হাতত আছিল। তেন্তে এই বিশেষ শব্দটো কিয়? টেলিভিচনত বহুল প্ৰচাৰিত বৰ্ণবিচিত্ৰ বিজ্ঞাপনবোৰ যি এক ভাসমান ফোপোলা জীৱনৰ ছবি দাঙি ধৰে, তেনে এক মুল্যবোধহীন জীৱনৰ বলি হৈছে ছবিৰ এই চৰিত্ৰটি। ছবিৰ শেষ দৃশ্যত যেতিয়া পৰাজিত চৰিত্ৰটোৱে এই অভিজ্ঞতাৰ মুখামুখি হয়, তেতিয়াই নেপথ্যত ব্যৱহাৰ হোৱা বিজ্ঞাপনৰ শব্দবোৰ দৃশ্যটিৰ আবেদন আৰু অধিক গাঢ় কৰি তোলে।

 পাৰিপাৰ্শ্বিক শব্দক এনেদৰে শিল্পসম্মত ৰূপত সন্নিবিষ্ট কৰাৰ বাবে প্ৰয়োজন হয় পৰিচালকৰ সংগীত আৰু শব্দচেতনা। শব্দৰ অৰ্থ, ব্যঞ্জনা আৰু ঘনত্বৰ সঠিক ব্যৱহাৰ নহ’লে এই শব্দবোৰ কোলাহললৈ ৰূপান্তৰিত হোৱাৰ আশংকাই অধিক। দৃশ্যৰ মূল সুৰৰ লগত এই শব্দবোৰৰ আত্মিক সম্পৰ্ক অভিন্ন ৰূপত প্ৰকাশ পাবই লাগিব।

 প্ৰখ্যাত গায়ক কিশোৰ কুমাৰে তেওঁৰ এখন ছবি ‘দুৰ বাদিয়ে মে কঁহী’ত নেপথ্যসংগীত একেবাৰেই বৰ্জন কৰিছিল। তাৰ সলনি প্ৰয়োগ কৰিছিল কেৱল পাৰিপাৰ্শ্বিক শব্দ। ছবিখনে ব্যাপক ৰূপত মুক্তিলাভ নকৰা বাবেই কিশোৰ কুমাৰৰ এই পৰীক্ষা সমাদৃত নোহোৱাকৈ ৰৈ গ’ল।

 বাস্তৱধৰ্মী ছবিৰ ক্ষেত্ৰত এটা প্ৰশ্ন সহজেই উদয় হয়- আমাৰ বাস্তৱ জীৱনৰ নেপথ্যত অহৰহ অৰ্কেষ্ট্ৰা এটা বাজি থাকে নেকি? নাথাকে। তেনেহ’লে ছবিত আৱহসংগীত কিয়?

 সংগীত মানুহৰ আদিমতম কলা। মানুহৰ বিভিন্ন কাম আৰু অনুভূতিৰ ছন্দই সংগীতৰ জন্ম দিয়ে। সহজ কথাত মানৱ মনৰ বিভিন্ন অনুভূতি আৰু প্ৰতিক্ৰিয়া প্ৰতিফলন ঘটে ছন্দবদ্ধ শব্দৰ মাজেৰে। এদল বনুৱাই একেলগে কাম কৰোতে ছন্দ ৰক্ষাৰ বাবে মুখেৰে কিছুমান অৰ্থহীন শব্দ ছন্দবদ্ধ ৰূপত উচ্চাৰণ কৰি থাকে, অথচ একে কাম অকলে কৰোতে মানুহ এজনে সেই একে মুখেৰে শব্দ উচ্চাৰণ নকৰে। অকলে বাথৰুমত গা ধুই থাকোতে বা নিৰ্জন ৰাস্তাৰে অকলে আহি

থাকোতেও এজন মানুহৰ মুখৰ পৰাই গুণগুণকৈ গীতৰ কলি ওলাই