পৃষ্ঠা:Chalachitra.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বঁটাবোৰ স্পৰ্শ কৰিব পৰা নাই। ইয়াৰ ৰহস্য সাধাৰণ চিত্ৰৰসিকৰ বোধগম্যতাৰ বহু আঁতৰত ৰৈ যায়। ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰত প্ৰতিবছৰেই উত্থাপিত হোৱা এনে বিতৰ্কবোৰৰ কিছু হ’লেও অবসান ঘটাবলৈ বিচাৰকসকলৰ বাবে এখন স্পষ্ট নিৰ্দেশনামা থকাটো উচিত বুলি আজি বহু চিত্ৰনিৰ্মাতাই উপলব্ধি কৰিছে। অন্যথাই চলচিত্ৰৰ বাবে প্ৰদান কৰা দেশৰ এই সৰ্বোচ্চ বঁটাই লাহে লাহে ইয়াৰ গৌৰৱ আৰু মৰ্যাদা হেৰুৱাবলৈ আৰম্ভ কৰিব।

 
১০৩