পৃষ্ঠা:Chalachitra.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই লাভ কৰা বিশেষ বঁটা সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ বাবেই আশাৰ বতৰা। শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বিজয়ীনী দেবশ্ৰী ৰায়ৰ বিষয়েও একেই কথাকে ক’ব পাৰি।

 ‘হাম আপকে হ্যেয় কৌন’ নিসন্দেহে জনপ্ৰিয় ছবি। ইয়াৰ বিনোদন মূল্যও অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু অকল গীত নিৰ্ভৰ, সাধাৰণ বিষয়বস্তুৰ আৰু আওপুৰণি ধৰণে নিৰ্মিত এই ছবিখনে ছবি হিচাবে যে কিবা বিশেষত্ব দাবী কৰিব পাৰে তাত সন্দেহ আছে। ‘ভায়োলেন্স নথকাকৈ বিনোদন দিব পৰা’ বাবেই এই ছবিখনক পুৰস্কাৰৰ বাবে বিবেচনা কৰা হৈছে বুলি কোৱা হৈছে। এই যুক্তিও বৰ তৰল যেন ভাব হয়! বোম্বাইৰ ছবিজগতক সন্তুষ্ট কৰাৰ বাবেই ‘নিৰাপদ’ ছবি হিচাবে ‘হাম আপকে হ্যেয় কৌন’ক বাছি উলিওৱা বুলি অনুমান কৰিব পাৰি।

 একে কথাই প্ৰযোজ্য শ্ৰেষ্ঠ অভিনেতাৰ বঁটা বিজয়ী নানা পাটেকাৰৰ ক্ষেত্ৰতো। সন্দেহ নাই, নানা জনপ্ৰিয় অভিনেতা। এই জনপ্ৰিয়তাৰ মূলতেই আছে তেওঁৰ ছবি নিৰ্বাচনৰ দক্ষতা, পুৰুষসুলভ চেহেৰা, চিত্ৰনাট্যৰ সহযোগিতা আৰু ছবিজগতৰ মানহে সততে বিশ্বাস কৰা ভাগ্যৰ সহায়। হিন্দী ছবিৰ ইতিহাস চালে দেখা পাম যিসকল অভিনেতা দীৰ্ঘদিন ধৰি জনপ্ৰিয় হৈ থাকে তেওঁলোকৰ জনপ্ৰিয়তাৰ কাৰণ অকল সু-অভিনয় নহয়, কাৰণ হ’ল তেওঁলোকে সৃষ্টি কৰি লোৱা একোটা ‘টাইপ’ আৰু সেই ‘টাইপ’ৰ আকৰ্ষণ। ৰাজকাপুৰ, দেবানন্দ, দিলীপ কুমাৰ, ৰাজেশ খান্না, অমিতাভ বচ্চনৰ পিচত এতিয়া আহিছে নানা পাটেকাৰ। অমিতাভৰ টাইপ আছিল ‘এণ্টি-হিৰো’। নানাৰ টাইপ হ’ল ‘নন-হিৰো’ বা ‘অ-নায়ক’। এই নতুন টাইপেৰে যে নানা জনপ্ৰিয় হৈ পৰিছে তাত কোনো সন্দেহ নাই। নানাৰ অভিনয় মোটা দাগৰ, অতি নাটকীয়াতাৰে মেদবহুল, চিনেমা অভিনয়ৰ সুক্ষ্ম স্বচ্ছ ৰূপ তাত নাই। ‘ক্ৰান্তিবীৰ’ ছবিত নানাই কম উচ্চগ্ৰামৰ সংলাপ ৰঞ্জিত অভিনয়ে দৰ্শকৰ পৰা হাত চাপৰি বুটলিব পাৰে, কিন্তু

অভিনয় শিল্পৰ দিশৰ পৰা বৰ দুৰ্বল। হিৰ’ নিৰ্ভৰ বোম্বাই ছবিজগতত

১০১