পৃষ্ঠা:Chalachitra.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যক্তিত্বই জুৰীব’ৰ্ডৰ সমদস্যসকলক প্ৰভাৱিত কৰাৰ থল নথকা নহয়। জুৰীব’ৰ্ডৰ প্ৰায় সংখ্যক সদস্যৰ লগতেই চিত্ৰনিৰ্মাতাসকলৰ সম্পৰ্ক থাকে, সদস্যসকলৰ অধিকাংশই নিজেও চিত্ৰনিৰ্মাতা-অভিনেতা আদি হোৱা বাবে বহু সদস্যই নিজৰ নিজৰ প্ৰিয় ছবি বা প্ৰিয় পৰিচালকৰ পিনে আগ্ৰহী হোৱাটো অস্বাভাৱিক নহয়। এবাৰ জুৰীব’ৰ্ডৰ সদস্য হোৱা অভিজ্ঞতা থকা এজন চিত্ৰনিৰ্মাতাই আমাক কৈছিল যে সদস্যসকলে ছবি চাবলৈ আৰম্ভ কৰাৰ আগৰে পৰাই জুৰীব’ৰ্ডৰ চেয়াৰমেনে সদস্যসকলক এখন বিশেষ ছবিক শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰিবলৈ অনুৰোধ কৰিছিল। সেই একেজন চেয়াৰমেনেই আন দুখন ছবিক ৰাষ্ট্ৰীয় বঁটাৰ তালিকাৰ পৰা নিশ্চিহ্ন কৰিবলৈ পৰিকল্পনা কৰিছিল।

 এইবাৰ জুৰীব’ৰ্ডৰ চেয়াৰমেন আছিল ‘নীচা নগৰ’ নামৰ বাস্তবধৰ্মী ছবিৰে ভাৰতীয় ছবিৰ ইতিহাসত নাম ৰাখি যোৱা পৰিচলাক চেতন আনন্দ। ব্যৱসায়িক হিন্দী ছবিৰ মাজত দিন কটালেও বিদেশত শিক্ষিত; ডুন স্কুলৰ প্ৰক্তন শিক্ষক এইগৰাকী চিত্ৰনিৰ্মাতাই নিজস্ব ৰুচিবোধৰ চিনাকি ৰাখি আহিছে। অৱশ্যে সময়েহে ক’ব তেওঁৰ অধিকাংশ ছবি স্থায়িত্ব কিমান। চেতন আনন্দ জুৰীব’ৰ্ডৰ চেয়াৰমেন হওঁতে বহুতে আশংকা প্ৰকাশ কৰিছিল যে এইবাৰৰ পুৰস্কাৰ বোম্বাইৰ ঘৰণাৰ ছবিৰ পিনে ঢাপলি মেলিব। বাস্তবত কিন্তু সেইটো নহ’ল। অধিকাংশ পুৰস্কাৰেই গ’ল দক্ষিণ ভাৰতৰ ছবিৰ পিনে।

 ‘কাডালন’ ছবিৰ এই মাত্ৰ গীত শুনাৰ সুবিধা হৈছিল, এইটো চাই ক’ব পাৰি যে কাৰিকৰী দক্ষতাৰ বাবে এই ছবিখনে পোৱা বঁটাকলৈ বিশেষ আপত্তিৰ থল নাথিকিব নিশ্চয়। তিনিটা বঁটা লাভ কৰা মালায়লম ছবি ‘পৰিণয়ম’ক লৈও শংকাৰ কাৰণ নাথাকে। তিনিকুৰি পাঁচখনতকৈ অধিক ছবি পৰিচালনা কৰা হৰিহৰণে ‘পৰিণয়ম’ ছবিৰে পাইছে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সংগীত পৰিচালক (যুটীয়াভাবে) আৰু সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ। ‘ওৰু ভীৰকুন বীৰগাথা’ ছবিৰে

এবাৰতে পাঁচোটাকৈ বঁটা আঁজুৰি নিয়া হৰিহৰণৰ বাবে এবাৰত তিনিটা

৯৯