পৃষ্ঠা:Chalachitra.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্বাচন।

 ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাখনলৈ চালে দেখা যাব যে অধিকাংশ বঁটাই হস্তগত কৰিছে দক্ষিণ ভাৰতীয় ছবিবোৰে। চলচ্চিত্ৰৰ নিৰ্মাণ শৈলী, কাৰিকৰী দক্ষতা আৰু বিশেষকৈ তামিল আৰু মালায়লম ছবিৰ আন ভাৰতীয় ছবিবোৰতকৈ বহু দূৰ আগবাঢ়ি গৈছে তাত কোনো সন্দেহ নাই। গভীৰ জীৱন বোধৰ ছবিয়েই হওক বা বিনোদনধৰ্মী ছবিয়েই হওক উভয় ক্ষেত্ৰতেই এই কথা বাৰে বাৰে সত্য প্ৰমাণিত হৈ আহিছে।

 ৰাষ্ট্ৰীয় পুৰস্কাৰৰ ক্ষেত্ৰত আজি কেইবছৰমান আগৰ পৰা এটা স্থিব নীতিৰ অভাৱ স্পষ্টকৈ দেখা পোৱা গৈছে। পূৰ্বতে বঁটাৰ বাবে নিৰ্বাচিত ছবিবোৰ গভীৰ আৰ দায়িত্বসম্পন্ন বিষয়বস্তুৰ আছিল যিবোৰৰ বিষয়বস্তুগত আৰু কলাগত উভয় দিশকেই সমানে প্ৰাধান্য দিয়া হৈছিল। এই ছবিবোৰৰ মাজত স্থান পাবলৈ ব্যৰ্থ হৈছিল তথাকথিত বিননোদনধৰ্মী ছবিয়ে— যিবোৰ ছবিৰ মুখ্য প্ৰবক্তা হ’ল বোম্বাইৰ হিন্দী ছবিজগত। বোম্বাই ঘৰানাৰ এই ছবিবোৰক মেইনষ্ট্ৰিম ছবি আখ্যা দি ৰাষ্ট্ৰীয় বঁটাৰ বাবে এই ছবিবোক আমন্ত্ৰণ কৰি অনা হ’ল— আনকি সুস্থ মনোৰঞ্জনৰ জনপ্ৰিয় ছবিৰ বাবেও বঁটা এটি দিয়াৰ ব্যৱস্থা কৰা হ’ল। আদুৰ গোপালকৃষ্ণণৰ দৰে চিত্ৰ নিৰ্মাতাই এই বঁটাৰ বিৰোধিতা কৰি কৈছিল ‘আমাৰ ছবিবোৰত বিনোদন নাই নেকি?’ আদুৰৰ এই প্ৰশ্নৰ কাৰণ আছিল তথাকথিত মেইনষ্ট্ৰিম ছবিৰ বাবেহে বাৰে বাৰে এই বঁটা সংৰক্ষণ কৰা হৈছিল।

 ৰাষ্ট্ৰীয় বঁটাৰ কেইবছৰমানৰ ইতিহাস চালে দেখা যাব এই বঁটাত কেতিয়াবা বোম্বাই ঘৰানাৰ ছবিয়ে প্ৰাধান্য লাভ কৰিছে, কেতিয়াবা সেই প্ৰধান্য গুচি গৈছে ‘অন্য ধাৰা’ৰ ছবিৰ পিনে। প্ৰতিযোগিতাৰ জুৰীব’ৰ্ডৰ সদস্যসকলৰ ওপৰতেই নিৰ্ভৰ কৰে বঁটাসমূহ কোন শিবিৰৰ পিনে ঢাপলি মেলিব। জুৰীব’ৰ্ডৰ চেয়াৰমেনৰ হাতত অকল কাষ্টিং ভোটটোহে (অৰ্থাৎ এটা বঁটাৰ বাবে সমান সমান ভোট পৰিলে

চেয়াৰমেনে ফলাফল নিৰ্ধাৰণকাৰী ভোট দান কৰে) থাকে যদিও তেওঁৰ

৯৮