পৃষ্ঠা:Chalachitra.pdf/১০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


(বিধু বিনোদ চোপ্ৰা) আৰু “সম্মোহনম” (চি, পি, পদ্মকুমাৰ)। ইয়াৰ বিপৰীতে, পেন’ৰামাত অন্তৰ্ভুক্ত নোহোৱা কিন্তু ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰা ছবি কেইখন হ’ল ‘উনিশ এপ্ৰিল’ (ঋতুপৰ্ণ ঘোষ), ‘সাগৰলৈ বহু দূৰ’ (জাহ্নু বৰুৱা), ‘মোঘামূল’ (জ্ঞান ৰাজশেখৰণ), ‘হম আপকে হ্যে কৌন’ (সুৰজ বৰজাত্য), ‘ক্ৰান্তিবীৰ’ (মেহুল কুমাৰ), ‘নাম্বাৱাৰ’ (কে. চি. সেতুমাধবন), ‘কট্ৰেচি কানাচু’ (জি নন্দকুমাৰ), ‘কৰুত্থামা’ (ভাৰতী ৰাজা), ‘কোচানিয়ম’ (সতীশ বেংগানুৰ), ‘অভয়’ (অন্নু কাপুৰ), ‘নিৰ্বাচন’ (বিপ্লব ৰয় চৌধুৰী), ‘চক্ৰুথাম’ (এম. এম. ৰামচন্দ্ৰন), ‘পবিত্ৰ’ (?), ‘কাডালন’ (শংকৰ), ‘থেনমাভিন কামবাথ’ (?) ‘আমোদিনী’ (চিদানন্দ দাশগুপ্ত), ‘মায়’ফী’ জি মাচা (অ’কেন আমাকচেম)।

 এই তালিকাৰ পৰা এটা কথা স্পষ্ট হয় যে ইণ্ডিয়ান পেন’ৰামাৰ বাবে নিৰ্মাতাসকলৰ যি আগ্ৰহ আছিল এতিয়া যেন সেই আগ্ৰহ কিছু পৰিমাণে স্তিমিত। ইণ্ডিয়ান পেন’ৰামাৰ ছবি নিৰ্বাচনৰ ক্ষেত্ৰত বহু ধৰণৰ স্বাৰ্থই বিচাৰকসকলক প্ৰভাৱিত কৰে বুলি ক্ৰমাৎ বেছিকৈ শুনি অহা অভিযোগবোৰেই ইয়াৰ কাৰণ হ’ব পাৰে। তেনেদৰে ৰাষ্ট্ৰীয় বঁটাৰ নিৰ্বাচকসকলৰ বিচাৰ পদ্ধতিৰ ওপৰতো নানা ধৰণৰ অভিযোগ উঠে। ইণ্ডিয়ান পেনৰামাৰ বাবে সেই বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিসমূহ নিৰ্বাচন কৰা হয় বুলি কোৱা হয়। যদি এইটো সত্য হয় তেন্তে সেই শ্ৰেষ্ঠ ছবিয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত এটাও বঁটা নোপোৱাটো বুজি পাবলৈ কঠিন হয়। এইটো সত্য যে শিল্পৰ শ্ৰেষ্ঠত্বৰ বিচাৰ খেল-ধেমালিৰ বিচাৰৰ দৰে সহজ আৰু পোনপটিয়া নহয়। বিচাৰসকলৰ ৰুচি-অভিৰুচি, শৈক্ষিক আৰু শৈল্পিক মান, দায়বদ্ধতা, শিল্প আৰু জীৱনৰ প্ৰতি ধাৰণা আদিয়ে বিচাৰৰ ক্ষেত্ৰত প্ৰভাব বিস্তাৰ কৰে। যিহেতু, পেন’ৰামা আৰু ৰাষ্ট্ৰীয় বঁটাৰ বাবে সুকীয়া বিচাৰকৰ ব্যৱস্থা কৰা হয়, তেনে স্থলত বিচাৰৰ ফলাফল পৃথক পৃথক হোৱাটো অতি স্বাভাৱিক কথা। কিন্তু এই পাৰ্থক্যৰ মাজতো কিছু সামঞ্জস্য থকাটো চলচ্চিত্ৰ ৰসিকসকলে

নিশ্চয় আশা কৰিব। কাৰণ উভয় বিচাৰৰে লক্ষ্য হ’ল শ্ৰেষ্ঠত্বৰ

৯৭