পৃষ্ঠা:Chalachitra.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯৪

 

 ইণ্ডিয়ান পেন’ৰামাৰ ছবিসমূহ আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবিসমূহৰ মাজত সাধাৰণতে কিছু মিল দেখা যায়। ইণ্ডিয়ান পেন’ৰামাৰ বাবে ছবি নিৰ্বাচন কৰা হয় এটা বছৰৰ এক ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি পিচৰ বছৰটোৰ ৩১ আগষ্টৰ ভিতৰত চেন্সৰ হোৱা ছবিসমূহৰ মাজৰ পৰা। ৰাষ্ট্ৰীয় বঁটাৰ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হ’বলগীয়া ছবিবোৰ হয় বছৰটোৰ এক জানুৱাৰিৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত চেন্সৰ হোৱা। সেয়ে বছৰটোৰ আঠ মাহৰ ভিতৰত চেন্সৰ হোৱা ছবিবোৰে একেলগে পেন’ৰামা আৰু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুবিধা পায়। বাকী চাৰি মাহৰ ছবিবোৰে পিচৰ বছৰৰ পেন’ৰামা বা একেবছৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

 সাধাৰণতে গহীন বিষয়ৰ চিত্ৰনিৰ্মাতাসকলে একে বছৰতে দুয়োটা বিভাগতে অংশ গ্ৰহণ কৰিব বিচাৰে বাবে তেওঁলোকে ছবিবোৰ একত্ৰিছ আগষ্টৰ পূৰ্বতেই চেন্সৰ কৰিব বিচাৰে। পেন’ৰামা ছবিবোৰ প্ৰদৰ্শিত হয় ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মাহোৎসৱত যি মহোৎসৱ অনুষ্ঠিত হয় জানুৱাৰি মাহত। পেন’ৰামাত প্ৰদৰ্শন হোৱা ছবিবোৰে ব্যাপক প্ৰচাৰ লাভ কৰে, সেই ছবিবোৰৰ অধিকাংশকেই (একেই বছৰত চেন্সৰ হোৱা) ৰাষ্ট্ৰীয় বঁটাৰ দাবীদাৰৰ ৰূপত দেখা যায়। সেয়ে পেন’ৰামাৰ ছবিবোৰক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰীয় বঁটাৰ জল্পনা-কল্পনা হয়।

 এইবাৰ কিন্তু এই ধাৰণাই বিশেষ কাম নিদিলে। ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী ভালেকেইখন ছবি পেন’ৰামাত নাছিল আৰু পেন’ৰামাত থকা কেইবাখনো ছবিয়েই এই প্ৰতিযোগিতাত এটাও বঁটা অৰ্জন কৰিবলৈ সক্ষম নহ’ল। প্ৰথমেই বিফল ছবিৰ তালিকাখন— ‘আৰণ্যক’ (এ.কে. বীৰ), ‘এক থী গুঞ্জ’ (বাপা ৰয়), ‘গেলিলিও’ (জেমছ জোচেফ), ‘মীমাংসা’ (সঞ্জীৱ হাজৰিকা) ‘১৯৪২ এ লাভ ষ্টৰি’