পৃষ্ঠা:Chalachitra.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নায়াৰৰ সংক্ষিপ্ত চিনাকি দিয়াটো উচিত হ’ব বুলি ধাৰণা হ’ল। সাহিত্য একাডেমিৰ পুৰস্কাৰ বিজেতা সাহিত্যিক বাসুদেৱন নায়াৰ বৰ্তমানে কেৰালাৰ বিখ্যাত সংবাদপত্ৰ প্ৰতিষ্ঠান ‘মাতৃভূমি’ৰ তিনিখন আলোচনীৰ সম্পাদক। ত্ৰিছখনৰো অধিক চিত্ৰনাট্য ৰচনা কৰা বাসুদেবন নায়াৰে প্ৰথম ছবি ‘নিৰ্মালম্য’ৰে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পৰিচালনা কৰা পাঁ‌চখন ছবিৰ আটাইকেইখনে ৰাজ্যিক পুৰস্কাৰ অৰ্জন কৰিছিল; চিত্ৰনাট্যৰ বাবে নবাৰ ৰাজ্যিক আৰু এবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল; উপন্যাসৰ বাবে তেখেতৰ নাম ‘জ্ঞানপীঠ’ বঁটাৰ বাবে আলোচিত হৈছিল।

 জুৰিব’ৰ্ডৰ সদস্যসকল প্ৰায় নিশ্চিত আছি যে ‘কাডাভু’ৱে শ্ৰেষ্ঠ ছবি আৰু ডঃ ভবেন্দ্ৰনাথ শইকীয়াই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবই। শেষ মুহুৰ্তত আদুৰৰ ৰাজনীতিৰ বাৰে সত্যজিৎ ৰায়ক উক্ত বঁটা দুটা দি এই দুয়োখন ছবিকেই চুকলৈ ঠেলি দিয়া হৈছিল। শেষত যেনিবা দক্ষিণ ভাৰতীয় ‘লবি’ৰ জোৰত ‘কাডাভুক’ক শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা দিয়া হ’ল আৰু জুৰিব’ৰ্ডৰ কেইজনমান সদস্যৰ প্ৰতিবাদৰ ফলত সাৰথিক আঞ্চলিক ভাষাৰ ৰজত কমল দি সন্মান ৰক্ষা কৰা হ’ল। জুৰিব’ৰ্ডৰ এই শুভবুদ্ধিৰ সদস্যসকল নাথাকিলে ‘সাৰথি' আৰু ‘কাডাভু’ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিশ্চিহ্ন হৈ গ’লহেঁতেন। জুৰিৰ চেয়াৰমেনৰ এই পক্ষপাতদুষ্ট আচৰণ এইবাৰেই প্ৰথম নহয়, প্ৰতিবাৰেই এনে ঘটনাৰ অনুশীলন চলিয়েই থাকে। যোগ্যতাসম্পন্ন ছবি প্ৰায়েই বঞ্চিত হৈ থাকে। (এইখিনিতে উল্লেখ কৰিব পাৰি যে ডঃ ভূপেন হাজৰিকা জুবিব’ৰ্ড সভাপতি থাকোঁতে এই বিতৰ্ক আছিল আটাইতকৈ কম।) অশোক কুমাৰ জুৰিব'ৰ্ডৰ সভাপতি থাকোতে এই প্ৰতিযোগিতাই হেৰুউৱা সন্মান আদুৰে ঘূৰাই আনিব পাৰিব বুলি আশা কৰা হৈছিল যদিও হাতত খলনায়কৰ মাৰণাস্ত্ৰ তুলি লৈ আদুৰে সকলো সম্ভাৱনাকে নিশ্চিহ্ন কৰি দিলে।

 
৯৫