নামৰ ছবি দুখন প্ৰতিযোগিতাৰ প্ৰথম বাছনিতেই নাকচ কৰা হয়। আন্তৰ্জাতিক শিশু ছবি মহোৎসৱত প্ৰদৰ্শিত ছবিও প্ৰথম বাছনিত নাকচ হোৱা উদাহৰণ এইবাৰ স্থাপিত হয়। তেনেদৰে জুৰিৰ সদস্যৰ প্ৰভাৱৰ বাবে প্ৰথম বাছনিত নাকচ হৈ যোৱা ছবিকো পুনৰ প্ৰদৰ্শন কৰি পুৰস্কাৰ দিয়া ঘটনাও এইবাৰ ঘটিছে।
এতিয়া প্ৰবন্ধৰ আৰম্ভণিতেই উল্লেখ কৰা অভিযোগটোলৈ ঘূৰি আহোঁ। ‘সাৰথি’ আৰু ‘কাডাভু'ক প্ৰবঞ্চনা কৰা প্ৰশ্নটোলৈ। সাত এপ্ৰিল তাৰিখে পুৰস্কাৰৰ তালিকা ঘোষিত হৈছে আৰু আমি দিল্লীস্থ সূত্ৰৰ পৰা ছয় তাৰিখেই গম পালো যে ‘সাৰথি’ৰ অৱস্থা বেয়া; নিশ্চিহ্ন কৰি দিবলৈ বিচৰা হৈছে ‘কাডাভু’ নামৰ মালায়লম ছবি এখনক। আদুৰে নিজে এই দুখনৰ বিৰোধিতা কৰি আন এখন ছবিক পুৰস্কাৰ দিয়াৰ বাবে জোৰ প্ৰচাৰ চলাইছে। (এই ছবিখনৰ নাম উল্লেখৰ বাবে ‘প্ৰান্তিক' উপযুক্ত ঠাই নহয়।) প্ৰসংগতঃ কৈ থোৱাটো উচিত হ’ব যে আমাৰ এই সূত্ৰ জুৰি ব’ৰ্ডৰ সদস্য নহয়; বাহিৰৰ মানুহহে।
আদুৰৰ ই আচৰণৰ কাৰণ কি? সন্দেহ নাই, আদুৰ নিসন্দেহে অতি উচ্চমানৰ পৰিচালক। সাফল্যই মানুহক ঈৰ্ষাতুৰ কৰিও তোলে, বিনয়ী কৰিও তোলে। আদুৰৰ ভাগ্যত প্ৰথমটো আছিল। আদুৰে সহ্য কৰিব নোৱাৰা হ’ল— তেওঁৰ কোনোবা প্ৰতিদ্বন্দ্বী ওলাওক। এইবাৰৰ প্ৰতিযোগিতাত দুখন ছবিয়ে বিচাৰকমণ্ডলীক আলোড়িত কৰি তুলিছিল— এখন ‘সাৰথি’ আৰু আনখন 'কাডাভু’। আদুৰ আতংকিত হৈ পৰিল যে এই দুজন চিত্ৰনিৰ্মাতাই তেওঁৰ বাবে ভয়ৰ কাৰণ হৈ উঠিব পাৰে; গতিকে প্ৰথমৰ পৰাই বাধা দিয়াটো উচিত হ’ব। এম. টি. বাসুদেবন নায়াৰ আৰু ডঃ ভবেন্দ্ৰনাথ শইকীয়া— এওঁলোকৰ এজনো পুনেৰ ইন্সটিটিউটৰ ছাত্ৰ নাছিল; দুয়োৰে পেছা একমাত্ৰ ছবি নিৰ্মাণ নহয়, দুয়ো সাহিত্যজগতত শীৰ্ষস্থানীয় ব্যক্তি আৰু বেলেগ কলামাধ্যমৰ পৰা আহি দুয়ো ছবিজগতত ঈৰ্ষণীয় স্থান দখল কৰি
লৈছে। ডঃ শইকীয়াৰ চিনাকিৰ কোনো প্ৰয়োজন নাই, কিন্তু বাসুদেবন