পৃষ্ঠা:Chalachitra.pdf/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দুৱাৰ মুকলি কৰি দিলে। ছবিত দুই ধৰণৰ শব্দৰ সংযোজন হ’ল। অভিনেতা-অভিনেত্ৰীসকলৰ কণ্ঠৰ সংলাপ, পাৰিপাৰ্শ্বিক শব্দ আৰু আবহ সংগীত। সংলাপ হ’ল বক্তব্য আৰু কাহিনী প্ৰকাশৰ আহিলা আৰু আবহ সংগীত, পাৰিপাৰ্শ্বিক শব্দ হ’ল দৃশ্যটোক অধিক প্ৰাণবন্ত কৰি তোলাৰ উপাদান।

 ভাৰতীয় ছবিৰ অভিনয় আৰু নৃত্যাংশক প্ৰভাবিত কৰি আহিছিল ভাৰতীয় থিয়েটাৰৰ ঐতিহ্যই। সেয়ে সবাক ছবিৰ ক্ষেত্ৰত এই প্ৰভাব অধিক পৰিস্ফুট হ’ল। শব্দৰ গমনৰ লগে লগেই প্ৰবেশ ঘটিল সংলাপ আৰু গীতৰ। অতি স্বাভাৱিকভাবেই এই সংলাপ ৰচিত হৈছিল নাটকৰ সংলাপৰ আৰ্হিত। মঞ্চৰ লগত জৰিত বহুলোক ছবিৰ লগত জৰিত হৈ পৰা বাবেও নাটকে ছবিৰ প্ৰভাব বিস্তৰ কৰাৰ অধিক সুবিধা পালে। গীত আৰু আৱাহসংগীতৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হ’ল। ছবিৰ সংলাপ, গীত, আনুষংগিক শব্দ আৰু আৱহসংগীতে নাট্যধৰ্মীতাৰ পৰা মুক্ত হৈ ছবিৰ চৰিত্ৰ গ্ৰহণ কৰিবলৈ বহু বাট বুলিবলগীয়া হ’ল।

 ছবিত আনুষংগিক শব্দৰ ব্যৱহাৰৰ প্ৰধান কাৰণ দুটি। প্ৰথমটো হ’ল দৃশ্যটোক জীৱন্ত কৰি তোলা। ধৰা হওক- দুজন মানুহে বহি কথা পাতি আছে, লগে লগে টেবিলৰ পৰা চাহৰ কাপটো তুলি লৈছে, চাহ খাইছে, কাপটো পুনৰ টেবিলত থৈছে। এই কামখিনি কৰোতে কাপ-প্লেটৰ ঘৰ্ষণত শব্দৰ উৎপত্তি হ’বও পাৰে নহ'বও পাৰে। কিন্তু সামান্য টুংটাং শব্দই এই সম্পূৰ্ণ দৃশ্যটো যে অধিক বাস্তৱসম্মত কৰিব তাত কোনো সন্দেহ নাই। দ্বিতীয় কাৰণটো হ’ল পৰিবেশগত ধাৰণ দিয়া বা ভৌগলিক ধাৰণা স্পষ্ট কৰি তোলা। এটা কোঠাৰ ভিতৰত লোৱা দৃশ্য এটিৰ লগত ৰেলৰ শব্দ যোগ কৰি দি কোঠাটোৰ ভৌগলিক অৱস্থান সহজেই বুজাব পাৰি। ৰেলৰ শব্দ সঘন হ’লে দৰ্শকে সহজেই বুজি পাব যে কোঠাটো ৰেলষ্টেচনৰ ওচৰৰ কোঠা। এই শব্দৰো বহুত চৰিত্ৰ আছে- সেইবোৰৰ কৌশলী ব্যৱহাৰে কোঠাটোৰ অৱস্থান আৰু অধিক স্পষ্টতৰ কৰি তুলিব। এটা অফিচৰ দৃশ্যত, দশকে পৰ্দাত

টাইপ ৰাইটাৰ এটা নেদেখিলেও, তাৰ শব্দৰেই ব্যস্ত টাইপ ৰাইটাৰৰ