সমললৈ যাওক

পৃষ্ঠা:Bilbeshwar.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদূলিতে

 ১৯৯৮ ইং চনতে মই “বিল্বেশ্বৰ দেৱালয়ৰ আদিকথা” নামৰ সৰু কিতাপ এখন লিখি প্ৰকাশ কৰিছিলো, কিন্তু কিতাপ খনে প্ৰয়োজন অনুসৰি পাঠকৰ মনৰ খোৰাক দিব পৰা নাই। সেয়েহে পুনৰ আগৰ কিতাপখনত ৰৈ যোৱা খুতি-নাতি বোৰ পাৰ্য্যমানে শুধৰণি কৰি “বিল্বেশ্বৰ" নামেৰে কিতাপখন প্ৰকাশ কৰিলো। বিল্বেশ্বৰ বেলশৰৰ ইতিহাস যথা সাধ্যে মই প্ৰকাশ কৰিবলৈ যত্ন কৰিছো তাৰ মাজতে যদি কিবা ৰৈ গৈছে তাব বাবে পাঠক আৰু বেলশৰ বিল্বেশ্বৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো।

 বিল্বেশ্বৰ দেৱালয়ৰ বহুল প্ৰচাৰ আৰু জন মানসত মন্দিৰৰ ইতিহাস প্ৰচাৰ কৰিবলৈ আৰু ইতিহাস প্ৰসিদ্ধ বেলশৰ বিল্বেশ্বৰ গাঁওৰ বহু অলিখিত তথ্য নতুন প্ৰজন্মৰ কাষ চপাই নিবলৈ প্ৰয়াস কৰিছো। আশা কৰো নতুন চামে নিজৰ অস্তিত্ব বুজি পাব। কিতাপখন প্ৰকাশৰ বাবে দেৱালয়ৰ দলৈ শ্ৰীযুত ৰঞ্জিত মিশ্ৰ, শ্ৰীযুত দিলীপ মেনা, শ্ৰীযুত কনক শৰ্মা, শ্ৰীযুত যাদব সেন ডেকাই মোক যথেষ্ট উদ্‌গনি দিয়াৰ বাবেহে কিতাপখনৰ প্ৰকাশ সম্ভৱ হ'ল।

 সদৌ শেষত আটাইবোৰলৈ মোৰ অন্তৰৰ শ্ৰদ্ধা, মৰম আৰু পাঠকলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে কিতাপখন আদৰেৰে গ্ৰহণ কৰে।

 ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছো। ইতি—

লিখক