প্ৰভূ দর্শন

১৯৮১/৮২ চনৰ কথা সেই সময়ত অসমত ছাত্র আন্দোলনৰ ভৰপক । অসমৰ চাৰিওপালে সামৰিক, অৰ্ধসামৰিক বাহিনীৰ বুট জোতাৰ শব্দ। নিশা পুৰুষ মহিলাৰ নিদ্ৰা হৰণ পৰ্ব। পুৰুষ মানুহবোৰ প্ৰায়েই ঘৰ এৰি পলাই ফুৰিব লগীয়া হৈছিল। গাঁৱে গাঁৱে অৰ্ধসামৰিক বাহিনীৰ চাউনী বহিছিল ।
সেই সময়ৰ বেলশৰৰ চিকিৎসালয় আৰু বেলশৰ উচ্চতৰ মাধ্যমিক খেল পথাৰত অৰ্ধ সমাৰিক বাহিনীৰ চাউনী বহিছিল। নিশা অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলে পহৰা দি ঘুৰি ফুৰে ৷ এদিনাখন বিল্বেশ্বৰ দেৱালয় বাটচৰাৰ সমুখত এটা ঘটনা ঘটিল প্রভূ ভোলানাথে ষাঁড়ৰ পিঠিত উঠি পশ্চিম দিশলৈ গৈ আছিল। মাজ নিশাৰ কাহিলী জোনৰ পোহৰত জোৱান সকলে প্রভূক দেখিছিল, কিন্তু চিনিব পৰা নাছিল। বৃষভৰ খুৰাৰ খট্ খট্ শব্দত জোৱান সকল সচকিত হ'ল । যি সময়ত নিশা মানুহ বাহিৰলৈ নগৈছিল এনে সময়ত কাৰ সাহস যে আমাৰ সমুখলৈ আগবাঢ়ি আহিছে। জোৱান সকল সস্তম হ'ল।