এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিল্বেশ্বৰ
আমাক দিয়ে। তাৰ পিচত অলপ অলপ ভাত দুই তিনি টুকুৰা মাংসৰে সৈতে মাটি মাহৰ দালি দি যায়। চৈকা ভাল্লিৰ হাতৰ পৰশত সেই খাদ্য যেন অমৃতলৈ ৰূপান্তৰিত হয়। আজিয়ো পাহৰা নাই সেই সুস্বাদু ভোগৰ কথা।
সদা শান্ত নিৰ্জু চৈকা ভাল্লি মাজে সময়ে আমাক প্ৰসাদ আৰু লাৰু সদৃশ লুচি গধূলী ভোগৰ পিছত খাবলৈ দিছিল। বিল্বেশ্বৰ দেৱালয় থকা লৈকে চৈকা ভাল্লিৰ স্মৃতি জীয়াই থাকক। চৈকা ভাল্লি আদৰ্শ হৈ ৰওক।
দেৱালয় পৰিচালনা সমিতি
বৰ্ত্তমান মন্দিৰৰ বিভিন্ন বিভাগত কৰ্মৰত ব্যক্তিসকল দলৈ-
| দলৈ | শ্ৰীৰঞ্জিত মিশ্ৰ |
| পুজাৰী | শ্ৰীঅতুল ভট্ট |
| ভোগ ৰান্ধনী- | শ্ৰীজোন শৰ্মা, শ্ৰীঅখিল শৰ্মা |
| পুৰোহিতসকল- | শ্ৰীপ্ৰতুল শৰ্মা, শ্ৰীৰাতুল শৰ্মা, শ্ৰীভূপেন মিশ্ৰ (টুটু) |
| ভোগ পৰিচালনা- | শ্ৰীঅনিল সেন ডেকা, |
| ভড়ালী- | শ্ৰীখগেন মেনা |
| কৰ্মি | শ্ৰীৰতন দাস |
ইয়াৰ উপৰিয়ো প্ৰয়োজন অনুসৰি আন ব্যক্তি নিয়োগ কৰা হয়।
৩০