ভোগৰ থাল উৎসৰ্গা কৰোতে পুৰোহিতে ‘ৰজা প্ৰজাৰ জয়’ হওঁক ধ্বনিৰে ভোগ উৎসৰ্গা কবে। থাল তিনিখনৰ ৰীতি অনুসৰি বিষ্ণুৰ থালখন- মুছলিম পাইক সকলৰ প্ৰাপ্য
দুৰ্গাৰ থালখন- বায়ন নৰ্ত্তক নৰ্ত্তকী সকলে পাই
শিৱৰ নামৰ থালখন-আঠপৰিয়াই গ্ৰহণ কৰিব লাগে
ব্ৰাহ্মণ পুৰোহিতে এই ভোগ গ্ৰহণ নকৰে।
প্ৰভূৰ প্ৰসাদ যিবাজনে খাই অল্পমান।
এনে সুস্বাদু হয় যেন অমৃত সমান॥
যিসকল ভক্তই মন্দিৰ দৰ্শনৰ বাবে মন্দিৰলৈ আহে তেখেত সকলৰ বাবে প্ৰয়োজনীয় মাহ প্ৰসাদ ধূপ, চাকি, বেলপাত আদি মন্দিৰ চৌহদত নিৰ্দিষ্ট মূল্যত ক্ৰয় কৰিব পাৰিব।
ভোগ দান কৰিব খুজিলে দলৈৰ লগত যোগাযোগ কৰিলে, সকলো ব্যৱস্থা কৰি দিয়া হব।
উপাধিসমূহ
শৰ্মা, ভট্ট, মিশ্ৰ, ভড়ালী, হালৈ, ঠাকুৰীয়া, ডেকা, মেনা, মালাকৰ, মেধী, পাটোৱাৰী, সেনডেকা, মুদিয়াৰ, গোস্বামী, তালুকদাৰ, বায়ন, চৌধুৰী, দাস, কাকতি, ববা, শইকীয়া, ৰাজবংশী, বৈশ্য, হুজুৰী, আলী, আহমেদ, মহন্ত, মজুমদাৰ