সমললৈ যাওক

পৃষ্ঠা:Bilbeshwar.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিল্বেশ্বৰ

ৰাস উৎসৱ

 শুক্লা একাদশীৰ পৰা ৰাস উৎসৱ বিল্বেশ্বৰ দেৱালয়ত পাচদিন ধৰি উদযাপন কৰা হয়। পূৰ্ণিমাৰ চাৰিদিন আগৰপৰা মন্দিৰত পূজা হোম নিয়মিত ভাবে চলি থাকে। পূৰ্ণিমাৰ দিনাখন হোমৰ পূৰ্ণাহুতি আৰু শান্তি প্ৰদান কৰা হয়। তিথিভেদে কেতিয়াবা কাতিমাহ কেতিয়াবা আঘোন মাহত এই উৎসৱ উদ্‌যাপিত হয়।

পুহ- পুহৰ মাহত বুঢ়া গোঁসাই বাহিৰলৈ নেষায়।



দেৱালয়ৰ ভোগৰ বিধি

 বছৰৰ প্রায় প্রতি দিনে ভক্ত সকলে প্রভূৰ চৰণত ভোগ নিবেদন কৰে। প্রভূৰ ভোগ ছয়ভাগত বিভক্ত কৰা হয়-

১) নিৰামিষ ভোগ ২) সামিষ ভোগ
৩) পৰমান্ন ভোগ ৪) কেচা ভোগ
৫) মাহ প্রসাদ ইত্যাদি ৬) লুচিৰ বৰি ভোগ

অম্বুবাচীৰ সময়ত মাথো কেচা ভোগহে ব্যৱহাৰ কৰা হয়।
 নিয়ম নিতিব মাজেৰে অতি পৱিত্ৰভাবে ভোগ ৰান্ধনীয়ে ভোগ ৰান্ধি তিনিখন থালত ভোগ সজাই মন্দিৰলৈ আগবঢ়াই দিয়ে। ইয়াৰ ভিতৰত

১ ম থাল- বিষ্ণুৰ বাবে
২য় থাল- দুৰ্গাৰ বাবে
৩য় থাল- প্রভু ভোলানাথৰ বাবে
২০