এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিল্বেশ্বৰ
মঠৰ উত্তৰ পূৱ কোণত এটি পুখুৰী খান্দি তাৰ পানীৰে ভোগ প্ৰসাদ আদি তিৱোৱা কাম সহজ সাধ্য কৰি তোলে। মঠৰ পশ্চিম দিশত নিত্যপূজা ঘৰ, তাৰে পশ্চিমত বিশাল আকাৰৰ সভাঘৰ নিৰ্মান কৰা হয়।
যেতিয়া মঠ মন্দিৰৰ কাম সম্পূৰ্ণ হৈ উঠিল ৰজাৰ মনত মহা আনন্দ, ৰজাই ভাবে অকল মঠ মন্দিৰবোৰ নিৰ্মাণ হলেই নহব এই মঠ মন্দিৰত পুজা সেৱা চলি থাকিলেহে ইয়াৰ সৌস্থৱ বাঢ়িব। বিল্বপাহাৰৰ ওচৰ পাজৰৰ মানুহবোৰ ৰাজ আজ্ঞাত আহি মন্দিৰৰ চোতালত উপস্থিত হ’ল। ৰজাই সভাপাতি সমজুৱাৰ মাজত কিছু বিষয় বাব ভগাই দিলে।
১০