সমললৈ যাওক

পৃষ্ঠা:Bilbeshwar.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিল্বেশ্বৰ

জ্ঞাতি সকলোকে মাতি আনি নিশাৰ সপোনৰ আদ্যপান্ত সকলোৰে আগত বিৱৰি ক'লে। সিদিনাৰ পৰাই তাত পুজা সেৱা আৰম্ভ কৰা হ'ল।

নাম - বিৰিনাৰ তলত উৎপত্তি হোৱা বাবে “বিন্নেশ্বৰ”

বিল্বপাহাৰত হোৱা বাবে-বিল্বেশ্বৰ
(মহাশিৱ পুৰণৰ মতে) কৃষ্ণই বেলপাতেৰে
পূজা কৰি প্রভূক সন্তস্ত কৰিছিল সেইবাবে
প্ৰভূৰ নাম বিল্বেশ্বৰ।

ব্ৰাহ্মণক সপোনত দেখা দিয়া ৰূপ বেশভুষা

মস্তকায় বৃষভ এক ধবল বৰণ।
তাহাৰ উপৰে প্রভু দেৱ পঞ্চানন॥
ঢৌতবন্ত্র পৰিধান আৰু জটাধাৰী।
দির্ঘকেশী দিগাম্বৰ মুখে লম্বাদাৰি॥
চৰণত শোভে প্ৰভুৰ স্বৰ্ণৰ পাদুকা।
সহাস্য বদন প্রভুৰ অতি মনোলভা॥
অর্ধশশী শোভা কৰে ললাট উপৰে।
ৰুনজুন বাজে প্রভুৰ বৃষভৰ নপুৰে॥