সমললৈ যাওক

পৃষ্ঠা:Bilbeshwar.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিল্বেশ্বৰ


ব্ৰাহ্মণী- নহয় প্ৰভূ আজি প্ৰায় দহদিন মান কপিলী এটোপাও গাখীৰ দিয়া নাই।
ব্ৰাহ্মণ- বোধহয় গাই পোৱালী একে লগে মেলি দিছিলা।
ব্ৰাহ্মণী- মই ইমান আজলী নহয় প্ৰভূ যে গাই পোৱালী একেলগে এৰি দিম।

 ব্ৰাহ্মণে মনত ভাবিলে ইয়াৰ মাজত কিবা ৰহস্য আছে। পিচদিনা ৰাতি পুৱা গাইজনী এৰি দি গৰখীয়া হতক ক’লে হেৰ ল’ৰাহত আজি গাইজনী ক’লৈ যায় কি কৰে ভালদৰে তহতে লক্ষ্য কৰিবি। গৰখীয়া হতে আলেঙে আলেঙে গাইজনীৰ পিছ ললে। চাওতে চাওতে গাইজনী বিল্বপাহাৰ নামৰ সৰু টিলাটোৰ ওপৰলৈ গৈ এঠাইত থিয় হ’ল। কিন্তু কি আচৰিত গৰখীয়া হতে দেখিলে কপিলীৰ গাখীৰবোৰ আপোনা আপুনি মাটিত পৰি আছে। গৰখীয়া হতে ভয়ত বিতত হৈ লৰি গৈ ব্ৰাহ্মণৰ আগত সকলো কথা বিৱৰি ক’লে। গৰখীয়া বোৰৰ কথা শুনি ব্ৰাহ্মণে কোৰখনলৈ বিল্বপাহাৰত উঠি গ’ল কপিলী গাখীৰ দিয়া ঠাইখিনিতি এজোপা বগা বিৰিণা বন, ব্ৰাহ্মণে দেখা পালে। বিৰিণাৰ তলত কি আছে বুলি ব্ৰাহ্মণে সজোৰে এটা ঘাপ মাৰিলে। কোদালৰ ঘাপত এটুকুৰা শিলাখণ্ড উফৰি গ'ল। বিৰিণা চোপ আতৰাই ব্ৰাহ্মণে দেখিলে এটি শিৱলিঙ্গ। ব্ৰাহ্মণে সাস্তাঙ্গে প্ৰণাম জনাই ক'লে হে প্ৰভূ! মই নাজানি ভুল কৰিলো। মোক ক্ষমা কৰিবা প্ৰভূ। দুখ মনেৰে ব্ৰাহ্মণ ঘৰলৈ গ’ল। নানান চিন্তাত আগনিশা ব্ৰাহ্মণৰ টোপনি নাহিল। মাজ নিশা চিলমিল টোপনিত কোনোবায় যেন ব্ৰাহ্মণক ক’লে মই শিৱ, চিৰকাল মই ইয়াতেই থাকিম। মোক সদায় পুজা দি থাকিবি। ব্ৰাহ্মণে ৰাতিপুৱা গঞা