পৃষ্ঠা:Bilati Pitha.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কুকুৰ-নেচীয়া মিছা পৰিল। মুখেৰে একো নামাতিলে। সি শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উলটি আহিল। পোনছাটেই সি এখন গোলালৈ গ'ল। তাৰ পৰা আধেৰ মাখন কিনি আনিলে। আটাইখিনি মাখন সি তেতিয়াই খাই পেলালে।

 দুনাই সি ভাবলীৰ ঘৰৰ দুৱাৰখনত হেচোক মাৰিলে। “কোন সেয়া?” —মাজু ছাগলী পোৱালীটোৱে সুধিলে। "মই আয়েৰা, মোক দুৱাৰখন মেলি দিয়া।” “ওঁ, তোমাৰ মাতটি মিহি। বাৰু, তোমাৰ হাতোৰা চাওঁ, দেখুওৱাচোন।” দুৱাৰৰ চুকেদি সি তাৰ হাতোৰাটো দেখুৱালে।

 “ওঁহো তুমি আমাৰ আই নোহোৱা!” —ছাগলী পোৱালী আটাইকেউটাই মাত লগালে। সি দুনাই লাজত পৰিল, জোকৰ মুখত চুণ দিয়াৰ দৰে হ’ল। সি বাহিৰে বাহিৰে আকৌ এখন গোলালৈ গ'ল। তাত সি এসেৰ ময়দা গুড়ি কিনিলে। তাৰ সোঁ-হাতোৰাটো ময়দা গুড়িত জুবুৰিয়াই দিলে।

 তিনিবাৰ নিবাৰ। শেষবাৰ সি ভাবলীৰ দুৱাৰত হেঁচোক দিলে। “কোন সেয়া?”--- নুমলীয়া ছাগলীপোৱালীটোৱে সুধিলে। মই আয়েৰা, মোক দুৱাৰখন মেলি দিয়া৷” “ওঁ, তোমাৰ মাতটি মিহি। বাৰু, তোমাৰ হাতোৰাটি চাওঁ, দেখুওৱাচোন?” সি সোঁ-হাতোৰাটো দেখুৱালে। সিহঁতে বগা হতোৰাটো দেখিলে। ভাবিলে এইবাৰ সঁচাকৈয়ে মাক আহিছে। সিহঁতে দুৱাৰৰ ডাং মেলি দিলে। আগত দেখে— কুকুৰ-নেচীয়া!

 কুকুৰ-নেচীয়াক দেখি বেচেৰা ছাগলীপোৱালীকেইটিৰ কেনি যাওঁ কি কৰোঁ লাগিল। সিহঁতৰ পলাবলৈ তৎ হেৰাল। যেয়ে যেনিয়ে পাৰে পলাল। দুটা সোমাল মেজৰ তলত, আৰু দুটা সোমাল চাঙৰ তলত, আৰু দুটা লুকাল দুৱাৰ চুকত। এটাই ঠাই নাপাই বেৰৰ ডাঙৰ ঘৰীটোৰ ভিতৰত সোমাল।

 কুকুৰ-নেচীয়া অলপ ৰৈ সিহঁতৰ ধেমালি চালে। তাৰ পাছত সি লাহেকৈ মেজৰ তললৈ হাতোৰা ভৰালে৷ তাত থকা পোৱালী এটা- এটাকৈ তাৰ পেটত সোমাল৷। আকৌ সি চাঙৰ তললৈ চকু দিলে। তাত লুকুৱা পোৱালী দুটাও সি এটা-এটাকৈ গিলি থলে। আকৌ সি দুৱাৰ চুকত চকু ফুৰালে। তাত পলোৱা পোৱালী দুটিৰো একে দশাই হল। কিন্তু ঘৰীত সোমোৱা পোৱালীটোত তাৰ চকু নপৰিল।