পৃষ্ঠা:Bilati Pitha.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিলাতী পিঠা

 

 কোনো এখন গাঁৱত এজনী ভাবলী ছাগলী আছিল। তাইৰ সাতোটি পোৱালী। এই আঠোটি প্ৰাণী একেলগে এটি জুপুৰী ঘৰত কোনোমতে টোক্-টোক্-টাক্-টাককৈ খাই-লৈ আছিল।

 এদিনাখন ভাবলীয়ে তাইৰ পোৱালীকেইটিৰ গা চেলেকি চেলেকি কলে,- “পোনাহঁত, মই ওলাই যাওঁ। তোমালোকে দ্বন্দ-হাই নকৰিবাহঁক দেই! বে-এ-এ!!’

 পোৱালীকেইটিয়ে মাকক বেৰি ধৰিলে- “আমিও লগতে যাম, আই! আমাকে নিব লাগিব। নহলে, কোৱা, ঘুৰি আহোঁতে আমালৈ আনিবা কি? কি-ই-ই!!”

 ভাবলীয়ে কলে,- “তোমালোক থাকাঁ। ঘূৰি আহোঁতে তোমালোকলৈ গাইপতি একেটাকৈ বিলাতী পিঠা আনিম।” পোৱালীকেইটিয়ে ৰাঙত জপিয়াই নাচি নাচি গালে—

 বিলাতী পিঠা, বিলাতী পিঠা।
 খাই দিম একোটি, লাগিব মিঠা!!

 ভাবলী ওলাই গ’ল। অলপ বাট গৈয়ে উলটি আহি কলে,— “মোক কেনেবাকৈ ওলাই যোৱা দেখিলে কুকুৰ-নেচীয়া বাঘটো ওলাবহি পাৰে। দুৱাৰখন খুন্দি খন্দি মাৰি আটাইকেইটি ভিতৰ সোমাই থাকিবাহঁক। মই উলটি নহালৈকে দুৱাৰ নেমেলিবা। পোৱালীবোৰে সুধিলে,— “কুকুৰ-নেচীয়া যে আহিছে আমি জানিম কেনেকৈ?” ভাবলীয়ে কলে,— “কুকুৰ-নেচীয়াৰ মাত হুটা, হাঁতোৰা ক’লা। বে-এ-এ!”

 ভাবলী ওলাই গল। মনে মনে জোপ লৈ থাকি পিছ তলকতে কুকুৰ-নেচীয়া ভাবলীৰ ঘৰ ওলালহি। সি দুৱাৰখন হেচুকিলে। “কোন সেয়া?” —বৰ ছাগলী পোৱালীটোৱে মাত লগালে। “তোমালোকৰ আয়েৰা। মোক দুৱাৰ মেলি দিয়াহঁক।” —কুকুৰ-নেচীয়াই উত্তৰ দিলে—। “আমাৰ আই যদি মাতটো ইমান হুটা কেলেই।”