পৃষ্ঠা:Bilati Pitha.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
 

ৰাতি সপোনত দেখিছিলোঁ।” ইয়াৰ পিছত গোটেই ৰাজ্যত বৰ ডাঙৰ উৎসৱ হ'ল।

 বহুত দিন ৰাজ্যত মন্ত্ৰী নাই, গোটেই ৰাজ্যত বেমেজালি হৈছে। কোনেও কব নোৱাৰিছিল মন্ত্ৰী কেনি গ'ল। ভাবি-চিন্তি ৰজা অস্থিৰ হৈ পৰিছিল।

 ইমান দিনৰ মূৰত মন্ত্ৰী ঘূৰি আহিছে আৰু তেওঁৰ লগত যুৱৰাজৰ উপযুক্তা কন্যা আহিছে; সকলোৰে মনত আনন্দ নধৰা হৈছে৷

 শুভদিনৰ শুভক্ষণত যুৱৰাজৰ বিয়া হৈ গ'ল। ৰজাই আনন্দত আপোন-পাহৰা হৈ নাচিবলৈ ধৰিলে। এতিয়া তেওঁৰ সকলো দুশ্চিন্তাৰ শেষ হ'ল।

 এই বিয়াত সকলোতকৈ সৰহ সন্মান পালে কোনে? হীৰু আৰু তাৰ শিয়াল বন্ধুৱে। ০০