বুঢ়া ৰজাৰ মুখত হাঁহি নাই। সদায় মন মাৰি এঠাইত বহি থাকে। ইফালে অন্তেষপুৰত ৰাণীৰো সেই একে অৱস্থা। ৰাণীৰো বয়স হৈছে। সেই কাৰণে ঘৰলৈ এজনী বোৱাৰীয়েক আনিবলৈ তেওঁৰ বৰ ইচ্ছা। কিন্তু পুতেকৰ এনেকুৱা অৱস্থা দেখি ৰাণীয়ে বৰ বেয়া পাইছে। ৰাণীয়ে এইবোৰ কথাকে ভাবি-চিন্তি দিনে-ৰাতিয়ে কান্দি থাকে। পুতেকক কত বুজালে, কিন্তু পুতেকে কাৰো কথা নুশুনে।
বুঢ়া মন্ত্ৰীৰ ঘৈণীয়েক গৰাকী বৰ দন্দুৰী আৰু মুখখন বৰ চোকা আছিল। সেইবাবে মন্ত্ৰী ঘৰত কেঁচুটো যেন হৈ থাকে।
সেইদিনাখন ৰাজ-কাৰ্য্য শেষ কৰি মন্ত্ৰী ঘৰলৈ অলপ পলমকৈ গ'ল। মন্ত্ৰী ঘৰ সোমাইছেহে মাথোন, ঘৈণীয়েকে “বঢ়া ভাত তেনেই চেঁচা হৈ গ'ল। ইমান পৰলৈকে ঘৰলৈ আহিব লাগে বুলি নাজানে।’’ এইদৰে নানা ককৰ্থনা কৰিবলৈ ধৰিলে।
মন্ত্ৰীয়ে বহুত বুজাই মেলি শান্ত কৰিলে৷
এদিন মন্ত্ৰীয়ে কথায় কথায় ঘৈণীয়েকৰ আগত ৰজাৰ দুখৰ কথা ক’লে। মন্ত্ৰীৰ মুখে সকলো কথা শুনি ঘৈণীয়েকে কলে—“বাৰু, আপুনি মোক ইমান দিনে এই কথা কোৱা নাই কেলেই?’ মন্ত্ৰীয়ে ক’লে—“তোমাক ক'লে কি হ’ব? ইমান দেশ-বিদেশত ফুৰা ডাঙৰ ডাঙৰ মানুহেই যেতিয়া পৰা নাই, তুমি ঘৰৰ ভিতৰত সোমাই থকা তিতা মানুহজনীয়ে কি পৰিবা?” মন্ত্ৰীৰ কথা শুনি ঘৈণীয়েকে হাঁহি হাঁহি ক'লে— “সেইটোৱেই হে আপোনাৰ ডাঙৰ দোষ। ৰাজ্যৰ ডাঙৰ মানুহবোৰ গাধা হ'ল বুলিয়েই মোৰো অকণমান বুদ্ধি থাকিব নাপায় নে? শুনক, আপোনাক এটা বুদ্ধি দিওঁ। আপুনি যদি সেইদৰে কাম কৰে যুৱৰাজৰ মনৰ জোখায় কন্যাও পাব আৰু আপুনিও এইদৰে একো ভাবিব নালাগিব।
“এতিয়া কওঁ শুনক-- এই ৰাজ্যৰ সীমাত যে এটা প্ৰকাণ্ড আছে, তাৰ ওচৰতে হীৰু নামে এটা ল'ৰা থাকে। হীৰুৰ এটা শিয়াল বন্ধু আছে। তাৰ সহায়েৰেই আপুনি যুৱৰাজৰ কাৰণে কন্যা বিচাৰি পাব।'’
ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ আনন্দৰ সীমা নোহোৱা হ'ল। ৰঙতে ৰাতি টোপনিকে নাহিল। পিছদিনা দোকমোকালিতে উঠি মন্ত্ৰীয়ে হীৰুক বিচাৰি ওলাল।
মন্ত্ৰী গৈ আছে, গৈ আছে, গৈয়েই আছে। নগৰ এৰি গাঁও, গাঁও