শিয়াল বন্ধু
সাত সমুদ্ৰ তেৰ নদীৰ সিপাৰে আছিল এখন বিশাল ৰাজ্য। সেই ৰাজ্যৰ ৰজাজনৰ বয়স বহুত হৈছিল। চকুৰে ভালকৈ মনিব নোৱাৰে, কাণেৰেও নুশুনে। এইবিলাক কাৰণতে ৰজাই ৰাজকাৰ্য্য ভালকৈ চলাব নোৱাৰিছিল।
সেই কাৰণে এইবোৰ কথা ভাবি-চিন্তি ৰজাৰ খাৱন-শোৱন নোহোৱা হ’ল। তেওঁ সদায় সিংহাসনত বহি বিচাৰ কৰিব লাগে, নহলে ৰাজ্যত বেমেজালি ঘটিব।
প্ৰধান মন্ত্ৰীজনো আছিল বুঢ়া মানুহ আৰু ৰজাৰ বৰ বন্ধু৷ তেৱোঁ আকৌ ইমান বুঢ়া যে মূৰত এডালো চুলি নাই আৰু খোজ কাঢ়িলে থক্ থক্কৈ কঁপিবলৈ ধৰে। বুঢ়া ৰজা, বুঢ়া মন্ত্ৰী এওঁলোকেনো কেনেকৈ ৰাজ্য চলায়?
ৰাজ্যৰ মুখিয়াল মানুহ কিছুমানে ৰজাক ক'বলৈ ধৰিলে— “মহাৰাজ, যুৱৰাজক বিয়া-বাৰু কৰাই দি ৰাজ্যভাৰ দিয়ক, আৰু আপুনি নিচিন্ত মনেৰে ধৰ্ম-চৰ্চা কৰক। প্ৰজাবিলাকৰ এই কথা শুনি ৰজাই হুমুনিয়াহ কাঢ়ে আৰু চকুৰ পানী ওলাবলৈ ধৰে।
বুঢ়া ৰজাৰ একেটি মাথোন পুতেক মদনকুমাৰে যৌৱনত ভৰি দিছে। ৰূপে গুণে তেওঁৰ সমান সেই ৰাজ্যত আৰু কোনো নাই। কিন্তু মদনকুমাৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ যোৰৰ ৰূপৱতী আৰু গুণবতী কন্যা নাপালে তেওঁ বিয়াও নকৰায় আৰু সিংহাসনতো নবহে৷
গোটেই পৃথিৱীত ইমূৰৰ পৰা আৰম্ভ কৰি সিমূৰলৈকে যিমান বিলাক ৰাজ্য আছিল, সেই সকলোবোৰ ৰাজ্যৰ ছোৱালী চালে। কিন্তু মদনকুমাৰে যিমানবিলাক ছোৱালী চালে কোনো এজনী তেওঁৰ মনৰ জোখাৰে নহ’ল।
যিবিলাক ছোৱালীৰ ৰূপ দেখি ৰাজ্যৰ আন মানুহৰো মন মুগ্ধ হৈছিল, সেইবিলাক ছোৱালীকো মদনকুমাৰে বিদায় দিলে। ৰজা আৰু মন্ত্ৰীয়ে এইবোৰ কথাকে ভাবি-গুণি অস্থিৰ হ'ল। ৰজা মৰিলে এই ৰাজ্য বা কাৰ হাতলৈ যায়!