ৰাজপুত্ৰক দেখি বুজা গ’ল যে তেওঁৰ আৰু প্ৰাণ নাই—অকল বুকুখন ধপধপ কৰি আছে। ৰাজপুত্ৰৰ এই অৱস্থা দেখি সকলোৱে চকুৰ পানী টুকিবলৈ ধৰিলে৷
সন্ন্যাসীয়ে সভাৰ মাজত বহি কিবা এটা মন্ত্ৰ মাতিলে। তেতিয়া তেওঁৰ চাৰিওফালে দমদম্ কৈ একুৰা জুই জ্বলি উঠিল। অলপ পৰৰ পাছত তেওঁ আকৌ মন্ত্ৰ মাতিলে, আৰু জুইকুৰা নুমাই গ'ল।
সন্ন্যাসীৰ আদেশমতে জোলাৰ লৰাই জুইৰ পৰা ভষ্মখিনি আনি ৰাজপুত্ৰৰ গাত সানি দিলে। তৎক্ষণাৎ ৰাজপুত্ৰ উঠি বহিল। সভাৰ মানুহবোৰ আচৰিত হ'ল।
ৰজা আৰু ৰাণী আনন্দত আপোন-পাহৰা হ’ল। ৰাণীয়ে নিজৰ পুতেকক আৰু ৰজাই জোলাৰ পুতেকক সাবট মাৰি ধৰি মৰম কৰিলে। ৰাণীয়ে ক'লে— “আগতে আমাৰ এটা ল'ৰা আছিল, আজিৰ পৰা দুটা ল'ৰা হ’ল।’’
তাৰ পাছত বৰ ৰং পাই জোলাৰ ল'ৰাক আধা ৰাজ্য দান কৰিলে৷
জোলাৰ ল'ৰাক ৰজা হোৱা দেখি সন্ন্যাসীয়ে বৰ ভাল পাই তেওঁক আশীৰ্বাদ দি হিমালয় পৰ্বতৰ ফালে গুচি গ'ল। যাবৰ সময়ত সন্ন্যাসীক কেতিয়াও নাপাহৰিবলৈ তেওঁক কৈ গ'ল।
জোলাৰ ল'ৰা এতিয়া ৰজা হৈছে, তেওঁৰ এতিয়া ৰজাৰ নিচিনা আচাৰ-ব্যৱহাৰ। তেওঁ গান-বাজনা কৰে, চিকাৰ কৰে-সকলো ৰজাৰ দৰে। কিন্তু তেওঁৰ গুৰুক কেতিয়াও পাহৰা নাই।
এদিন চিকাৰ কৰিবলৈ যাওঁতে জোলাৰ ল'ৰাই এটা হৰিণা খেদি খেদি এখন গভীৰ হাবিত সোমাল। তেতিয়া সন্ধ্যা লাগিছে। বাট-পথ বিচাৰি নাপাই তেওঁ হাবিতে বহি সৰু লৰাৰ দৰে হাও-হাওকৈ কান্দিবলৈ ধৰিলে। চাৰিওফালে ভীষণ জন্তুবোৰে চিঞৰিছে। হঠাৎ ওচৰৰ ঠাইখন উজ্বল হৈ উঠিল। জোলাৰ ল'ৰাই চাই দেখে ওচৰতে তেওঁৰ গুৰুদেৱ থিয় হৈ আছে।
গুৰুদেৱৰ ভৰিত পৰি জোলাৰ ল'ৰাই ক'লে, “গুৰুদেৱ, ৰজাতকৈ আপোনাৰ ক্ষমতা অনেক অধিক; সেই কাৰণেই মই আপোনাৰ লগ নেৰো৷’’
সেই দিনাই জোলাৰ ল'ৰাই ৰাজ্য এৰি সন্ন্যাসীৰ লগত হিমালয়লৈ গুচি গ'ল। ০০