জোলাৰ ল'ৰা
প্ৰকাণ্ড ৰাজ্যৰ ৰজা। একোৰে অভাৱ নাই। হাতীশালত হাতী,
ঘোৰাশালত ঘোৰা; গোটেই ৰাজ্যত মানুহৰ সমাগম। কিন্তু কাৰো
মুখত হাঁহি নাই, সকলোৰে মুখত বেজাৰৰ চিন।
এই বেজাৰৰ কাৰণ হৈছে ৰজাৰ একমাত্ৰ পুতেকৰ বৰ টান নৰীয়া। আৰু জীয়াই থাকিবৰ আশা নাই।
ৰাজ্যত যিমান বিলাক বেজ, কবিৰাজ আছিল সেই আহি শেষ চিকিৎসা কৰি গৈছে; এতিয়া ঈশ্বৰৰ হাতত।
ৰজাৰ ৰাজকাৰ্য্যত মন নবহা হ'ল। মাথোন দিনে-ৰাতিয়ে মূৰে- কপালে হাত দি হুমুনিয়াহ কাঢ়ি থাকে। ৰাণীৰ যে কথাই নাই; কান্দি- কাটি খীণাই-শুকাই গৈছে। নাখাই-নবই কান্দি থাকে আৰু মাজে মাজে চিঞৰি চিঞৰি ঈশ্বৰক কাকুতি কৰি মাতি থাকে।
লৰাটোৰ আৰু কোনো ৰকমেই জীৱনৰ আশা নাই। তথাপি এই বাৰ শেষ চেষ্টা কৰি চাব খুজিছে--“নমৰে মানে চাবা। নুবুৰে মানে বাবা॥’’
ৰজাৰ আদেশ মতে মন্ত্ৰীয়ে গোটেই ৰাজ্যত ঢোল পিটি শুনাই দিলে—“যি ৰাজপুত্ৰক ভাল কৰি দিব পাৰিব তাকে ৰাজ্যৰ আধাখিনি দিব।”
ৰজাৰ আন কোনো ল'ৰা-ছোৱালী নাছিল। যদি কোনো ছোৱালী থাকিলহেঁতেন, ৰাজ্যৰ লগতে সেই জীয়েককো বিয়া দিলেহেঁতেন।
ৰাজ্যৰ এচুকত এটা ভগা পঁজাত এটা জোলাৰ ল'ৰা আছিল। বেচেৰা লৰাটি ইমান দুখীয়া যে সি কেতিয়াবা আধাপেটী, আকৌ কেতিয়াবা লঘোণে দিন কটাব লাগিছিল।
আজি কেইবা দিনো বেচেৰাই একো খাবলৈ পোৱা নাই। সেইদিনা সি ভাবিলে- “ইমান কষ্ট কৰি জীয়াই থকাতকৈ ডিঙিত চিপ লগাই মৰাই ভাল।’’
ইয়াকে থিৰ কৰি জোলাৰ ল'ৰাটোৱে হাতত জৰী এডাল লৈ আপোনঘাটী হবলৈ বুলি এজোপা ওখ গছ বিচাৰি গৈছে, এনেতে শুনিবলৈ পালে নগৰত ঢোল পিটি শুনাই দিছে— “যি ৰাজপুত্ৰক