পৃষ্ঠা:Bilati Pitha.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
 

শুনালে- “যি ৰজাৰ লৰা দুটাৰ কোনো সন্ধান দিব পাৰে— তাকে আধা ৰাজ্য দিব আৰু ৰাজ কন্যাক বিয়া দিব।”

 ভোদাৰামে এইবোৰ একো নাজানে। লৰা দুটাক আশ্ৰয় দিবলৈ নি, সি সেই ৰাজ্য পালেগৈ। ভোদাৰামৰ কোলাত যুঁজা ল’ৰা দুটাক দেখি সকলোৱে চিনিব পাৰিলে যে সেই দুটাই ৰজাৰ হেৰোৱা যঁজা লৰা হাল।

 সকলোৱে ভোদাৰামক ৰজাৰ ওচৰলৈ লৈ গল। লৰা দুটা পাই ৰজাই স্বৰ্গ ঢুকি পোৱা যেন পালে। তাৰ পাছত এদিন শুভ দিনৰ শুভ লগ্নত ৰাজ-কন্যাক বিয়া কৰাই ভোদাৰামে আধা ৰাজ্যৰ ভাৰ পালে।

 ভোদাৰামৰ ভাগ্যৰ বলত তাৰ মাক হল আজি ৰাজমাও, আৰু তাৰ পিতাক ৰজাৰ পিতাক হৈ শ্ৰদ্ধা আৰু সন্মান পাইছে। ০০