পৃষ্ঠা:Bilati Pitha.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
 

দুইটাকে মৰি থকা দেখি আৰু আচৰিত হল; আৰু নতুন সমস্যাত পৰিল। পাছত তেওঁলোকে থিৰ কৰিলে, নিশ্চয় আগতে এটা মৰিছে আৰু ইটোৰ দুখত সিটো মৰিছে। এতিয়া পুনৰ তৰ্ক উঠিল— আগতে কোন মৰিল? আগৰ দৰেই ৰজাই ক'লে— যি হেতুকে হাছান গৈ ঘৈণীয়েক মৰিছে বুলি তেওঁৰ পৰা এশ সোণৰ মোহৰ আনিছে; তেতিয়া নিশ্চয় নুজহাট আগতে মৰিল, আৰু ঘৈণীয়েক মৰাৰ দুখত পাছত হাছান মৰিল। ৰাণীয়ে ডাঠি ক'লে—যি হেতুকে গিৰিয়েক মৰা বুলি নুজহাটে তেওঁৰ পৰা এশ সোণৰ মোহৰ আনিছে; তেতিয়া নিশ্চয় হাছান আগতে মৰিছে আৰু গিৰিয়েক মৰাৰ দুখত নুজহাট পাছত মৰিল। শেষত কোনো উপায় নাপাই ৰজাই ঘোষণা কৰিলে, নুজহাট আৰু হাছানৰ ভিতৰত কোন আগতে মৰিছে যেয়ে সঠিককৈ কব পাৰিব, তাকে তেওঁ সত্যে সত্যে এহেজাৰ সোণৰ মোহৰ বঁটা দিব॥

 ইয়াৰ ভিতৰতে ঘটনা-স্থলত বহুত লোক উপস্থিত হল। ৰজাৰ ঘোষণা শুনি সকলো মানুহ তলকা মাৰিলে। কিয়নো নুজহাট আৰু হাছানৰ কোন আগতে মৰিল, কোন পাছত মৰিল কোনেও কব নোৱাৰে। ইফালে ৰজাই ঘোষণা কৰা এহেজাৰ সোণৰ মোহৰ কোনে কেনেকৈ পাব বিচূৰ্তি হল।

 এনেতে কাপোৰৰ তলৰ পৰা মুখ উলিয়াই লাহেকৈ হাছানে মাত লগালে— “মহাৰাজ! মইহে আগতে মৰিছিলো, মোক এতিয়া এহেজাৰ সোণৰ মোহৰ দিয়ক।” মৰা মানুহটোৱে নিজে মুখ উলিয়াই এইদৰে কথা কোৱাত ৰজা-ৰাণী, সকলো মানুহ স্বৰগ পৰাৰ দৰে হল। কি কওঁ, কি নকওঁ কৰোঁতেই নুজহাটো মৰাৰ পৰা উঠিল আৰু দুয়ো ৰজা-ৰাণীৰ ভৰিত দীঘল দি পৰি ক্ষমা-প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৰাণীয়ে তেতিয়াও বিশ্বাসকে কৰিব পৰা নাই যে হাছান সঁচাকৈয়ে মৰা নাই। ৰজাই আচৰিত হৈ হাছানক এই ৰহস্যৰ কথা সুধিলে। হাছানে হাতযোৰ কৰি ক'লে— “মহাৰাজ! দাস-দাসীক মাৰকেই বা কাটকেই, গুৰিৰ কথা কওঁ। মহাৰাজ-মহাৰাণীয়ে আমাক মৰম কৰি বহুত ধন-সোণ দিলেও আমি সেইবোৰ উধাই-মুধাই খৰচ কৰি খাস্তাং কৰিলো। সেইবাবে মহাৰাজ মহাৰাণীৰ ওচৰলৈ আকৌ ধন বিচাৰি যাবৰ সাহ নহল। এদিন দুয়ো মূৰ ঘমাই বহি থাকি শেষত এইটো উপায় উলিয়ালো। পোনেই নুজহাট মহাৰাণীৰ ওচৰলৈ আহি মই