পৃষ্ঠা:Bilati Pitha.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
 

“মোৰ কথাই ঠিক।” ৰাণীয়ে কলে— “মানুহ পঠিয়াওক, হানি নাই। কিন্তু মোৰ কথাত যে এফেৰিও আঁৰ নাই, এই বিষয়ে মই নিঃসন্দেহ।’’

 ৰজাৰ ঘৰৰ পৰা মানুহ যোৱা দেখিয়েই ধূৰ্ত হাছানে কথাটো বুজি পালে আৰু নুজহাটক তৎক্ষণাত কাপোৰেৰে গা-মুখ ঢাকি মৰা ভাও জুৰি পৰি থাকিবলৈ কলে; ওচৰতে বহি হাছানেও ইনাই-বিনাই কান্দি থাকিল। ৰজাৰ মানুহ আহি দেখে সঁচাকৈয়ে নুজহাট মৰি আছে। তথাপি ঢকা কাপোৰখন এবাৰ দাঙি চালে আৰু হাছানক বুজনি দি গুচি গল। ৰজাৰ মানুহ গৈ বাতৰি দিলে বোলে নুজহাট মৰিল হয় আৰু হাছান ওচৰতে বহি কান্দি আছে। এইবাৰ ৰাণীয়ে অভিযোগ কৰিলে বোলে তেওঁক মিছাত পেলাবলৈহে ৰজাই সেই মানুহটো পঠাই এইবোৰ ষড়যন্ত্ৰ কৰিছে। নিৰুপায় হৈ ৰজাই ৰাণীক নিজেই মানুহ পঠাবলৈ কলে। ৰাণীয়ে তেওঁৰ বুঢ়ী লিগিৰীজনীক সকলো কথা নিজ চকুৰে চাই আহিবলৈ পঠিয়ালে।

 হাছানে নিজ কোঠাৰ পৰাই সকলো মন কৰি আছিল। বুঢ়ীজনী অহা দেখিয়েই নিজে তৎক্ষণাত শুই গায়-মুখে কাপোৰখন পেলাই লৈ মৰা ভেশ ধৰিলে আৰু নুজহাটক ওচৰত বহি ইনাই-বিনাই কান্দি থাকিবলৈ কলে। ৰাণীৰ পাচনি মতে বুঢ়ী আহি কাপোৰখন দাঙি চাই দেখে, সঁচাকৈয়ে হাছান মৰিল। বুঢ়ীয়েও নুজহাট বাঁৰী হোৱাত তাইৰ দুখত চকুলো টুকি টুকি পুনৰ ৰাণীৰ কাষ পালেহি। বুঢ়ীয়ে ৰাণীৰ আগত হাছান মৰা আৰু নুজহাটে শৱটো আগত লৈ কান্দি থকা দেখি অহা অনুসাৰে হুবহু সকলো কথা কলে। ৰজাই কিন্তু বুঢ়ীৰ কথা বিশ্বাস কৰিব নোৱাৰিলে। ৰাণীৰ বৰ খং উঠিল। ৰজা আৰু ৰাণীৰ তৰ্ক লাগিছে আৰু ইফালে ৰাণীয়ে চাবলৈ পঠোৱা বুঢ়ী লিগিৰীজনী আৰু ৰজাই পঠোৱা মানুহটোৰ ভিতৰত গালি পৰা-পৰি লাগিছে। কোনেও কাৰো কথা বিশ্বাস নকৰে।

 শেষত ৰজাই ক'লে— “ৰাণী। এনেকৈ অনাহক তৰ্ক কৰি থাকি লাভ নাই। দুয়ো গৈ কথাটো নিজ চকুৰে চাই আহোঁগৈ। এই বুঢ়ীজনী বা মানুহটো যেয়ে মিছা কৈছে, তাকে ঘোৰ শাস্তি দিম।’’

 ৰজা ৰাণী তেওঁলোকৰ কোঠাৰ ফাললৈ অহা দেখি পোনতে পেপুৱা খালেও মৰণত শৰণ লৈ দুয়ো বেলেগে বেলেগে মৰা ভাও জুৰি কাপোৰেৰে গা-মুখ ঢাকি পৰি থাকিল। ৰজা-ৰাণী আহি এইবাৰ