পৃষ্ঠা:Bilati Pitha.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰ পাছত নুজহাটক সেই ঠাইতে শুবলৈ দিলে আৰু কাপোৰ এখনেৰে গায়ে-মুৰে ঢাকি ঘৈণীয়েক মৰিল বুলি এইবাৰ হাছানে ৰাওচি জুৰি কান্দি কান্দি ৰজাৰ কাষ পালেগৈ। ৰজা সেই সময়ত ৰাজকাৰ্য্যত বৰ ব্যস্ত আছিল। অকস্মাতে এই বাতৰিটো শুনি তেওঁ বৰ দুখ পালে আৰু সকলো কথা সুধি-পুছি লৈ হাছানক এশ সোণৰ মোহৰ আৰু এখন শৱ ঢকা বহুমূলীয়া কাপোৰ দিবলৈ ধন-ভৰালীক আদেশ দিলে। আবু হাছানে সেই বস্তুখিনি সামৰি-সূতৰি লৈ পেটে পেটে হাঁহি হাঁহি, কিন্তু বাহিৰে তেতিয়াও চকুপানী টুকি টুকি, ৰজাৰ কাষৰ পৰা আঁতৰিল। নুজহাটৰ আগত সেই সোণৰ মোহৰবোৰ আৰু কাপোৰখন মেলি দেখুৱাই মাটিত বাগৰি বাগৰি হাঁহি হাঁহি হাছানৰ আৰু নুজহাটৰৰ পেটু-নাড়ি সোপাই ছিগা যেন হল ৷

 ইফালে সেইদিনাৰ বাবে ৰাজকাৰ্য্য সামৰি থৈ ৰজাই বৰ দুখেৰে ৰাণীৰ ওচৰত নুজহাট মৰাৰ বাতৰি দিলেগৈ। ৰাণীয়ে অতি আচৰিত হৈ কলে"-- “মহাৰাজ আপুনি কি কৈছে মই বুজিব পৰা নাই। নুজহাট মৰা নাই নহয়! হাছানহে মৰিছে, আপুনি ইমান ভুল কৰা দেখি মই আচৰিত নামানি পৰা নাই।’’

 ৰজাই ক'লে— “ৰাণী তোমাৰহে ভুল হৈছে। হাছান কেতিয়াও মৰা নাই। তোমাৰ হাত-ধৰী লিগিৰী নুজাহাটহে মৰিছে।’’ ৰাণীয়ে ক'লে— “মহাৰাজ! আপোনাৰ প্ৰমাদ দেখি মই দুখ পাইছোঁ। হাছান মৰিছে আৰু সেই কথা নুজহাটে নিজে কান্দি কান্দি আহি মোক জনাই মোৰ পৰা এশ সোণৰ মোহৰ আৰু এখন বহুমূলীয়া শৱ ঢকা কাপোৰ নিছে।” ৰজাই ক'লে— “ৰাণী! তোমাৰ ভ্ৰম দেখিহে মই বিচূৰ্তি হৈছোঁ। নুজহাট মৰিছে আৰু সেই কথা মোক জনাই হাছানে নিজে আহি মোৰ পৰা এশ সোণৰ মোহৰ আৰু এখন বহুমূলীয়া শৱ ঢকা কাপোৰ নিছে।’’

 এইদৰে ৰজা-ৰাণী দুইৰো ভিতৰত লাহে লাহে বৰকৈ খকা-খুন্দা লাগিবলৈ ধৰিলে৷ শেষত দুইৰো উখনা উখনিও হল। তাৰ এটা প্ৰতিকাৰ কৰিবলৈ বুলি ৰজাই ক'লে-- “ৰাণী, আমি ঘাই ঘটনাটো আকৌ এবাৰ বিচাৰ নকৰোৱাকৈ ইয়াকে লৈ এইদৰে গলা-গপা কৰা ভাল হোৱা নাই। মই এতিয়াই এজন মানুহ পঠাওঁ। তেওঁ হাছানৰ কোঠালৈ গৈ কোন মৰিছে চাই আহক। তেতিয়া নিশ্চয় বুজিবা যে