“মহাৰাজ! মইহে আগতে মৰিছিলো”
হাছান আৰু নুজহাটৰ বিয়া ৰজা হাৰুণ-আল্ -ৰছিদৰ ৰাজ-
কাৰেঙত বৰ জাকজমক আৰু আনন্দৰ মাজেদি সুকলমে সমাধা হৈ
গল। ৰাণী জুবেদাই তেওঁৰ লিগিৰী নুজহাটক ভালেমান বহুমূলীয়া
উপহাৰ দিলে আৰু ৰজায়ো হাছানক সেইদৰে অনেক দুৰ্মূল্য বঁটা
দিলে।
সেই কাৰেঙৰে এটা ডাঙৰ কোঠাত হাছান আৰু নুজহাটক থাকিবলৈ ৰজাই অনুমতি যাচিলে। হাছান আৰু নুজহাটেও ইমানবিলাক ধন-সম্পত্তি পাই বৰ সুখেৰে আৰু আড়ম্বৰেৰে কাল কটাবলৈ ধৰিলে। হাত ধৰি নচলিলে কুবেৰৰ ভৰালো ক্ষয় হয়। এইদৰে উধাই-মুধাই ধন-সোণ ভাঙোতে ভাঙোতে তেওঁলোকৰ টকা- কড়িৰ নাটনিয়ে দেখা দিলে।
এদিন সেই নাটনিৰ কথা ভাবি-চিন্তি দুয়ো মূৰ ঘমাই বহি আছে। শেষত হাছানে বহুত পৰ গালা-গপা কৰি এটা উপায় উলিয়ালে আৰু সেইমতে নুজহাটক সকলোখিনি কাম কৰিবলৈ দিহা দিলে।
হাছানৰ দিহা মতে নুজহাটে হাছানক কোঠাটোৰ মাজতে শুৱালে আৰু গায়ে-মুখে এখন কাপোৰেৰে ঢাকিলে। তাৰ পাছত তেওঁ গিৰিয়েক মৰিল বুলি হুৰাৱ-ৰাৱে কান্দিলে, আৰু সেইদৰেই ইনাই- বিনাই ৰাণী জুবেদাৰ ওচৰ পালেগৈ। হাছান এনেকৈ হঠাতে মৰিল বুলি শুনি ৰাণী অতি আচৰিত হল আৰু তেওঁ বৰ বেজাৰ পালে। এনে বিপদত ৰাণীয়ে নুজহাটক পুতৌ কৰি এশটা সোণৰ মোহৰ যাচিলে আৰু লগতে শৱ ঢাকিবলৈ বহুমূলীয়া কাপোৰ এখনো দিলে। নুজহাটে পেটৰ হাঁহি পেটতে সামৰি বাহিৰে তেতিয়াও বেজাৰৰ চিন দেখুৱাই সোণৰ মোহৰখিনি আৰু কাপোৰখন লৈ ঘৰলৈ খোজ ললে। ঘৰ পাই হাঁহি হাঁহি গিৰিয়েকক কাপোৰ আৰু সোণৰ মোহৰখিনি দিলেগৈ আৰু কেনেকৈ হাছান মৰিল বুলি কান্দি-কাটি কথা কৈ ৰাণীৰ পৰা সেইখিনি সৰকালে, তাকে দেখুৱাই দুয়ো বাগৰি বাগৰি হাঁহিলে।