পৃষ্ঠা:Bilati Pitha.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোতাযোৰে তাৰ বিপৰীত ফালে যাবলৈ ধৰিলে। সি পোনতে চিঞৰিব খুজিলে কিন্তু পিছ মুহূৰ্ত্ততে সি নিজৰ কি সৰ্বনাশ কৰিব খুজিছে বুজি উঠিল! চোৰ বুলিলে ওৰ পৰে, গতিকে সি চিঞৰা মানে বলিশালৰ দাৰ আগত তাৰ টেটু পাতি দিয়া। সি তাৰ পাছত জোতাযোৰ জোকাৰ মাৰি বাওঁ হাতেৰে এৰুৱাবলৈ চালে, কিন্তু সাধ্য কি? জোতাযোৰ যে খন্তেকো নৰয়! গতিকে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰিবলৈ সি বাধ্য হল। জোতাযোৰে যেনিয়ে নিয়ে সি সেইপিনেই যাবলৈ ধৰিলে।

 কিন্তু হৰি, হৰি! জোতাযোৰে চোৰটোক নি ভোলাইৰ ঘৰ পোৱালেগৈ। সি ভয়ত চিঞৰ মাৰি উঠিল! “কি হল!” বুলি ভোলায়ে টোপনিৰ পৰা চকমকখাই উঠি দেখে, তাৰ ৰন্ধা-বঢ়া বস্তুৰ টোপোলাটো হাতত লৈ ভৰিত ভোলাইৰ জোতাযোৰেৰে চোৰটো তাৰ আগত সশৰীৰেৰে বৰ্ত্তমান! কি কথা, কি বাৰ্ত্তা! ভোলায়ে ভাবি নৌ ওৰ পাওঁতেই, চোৰটো ভোলাইৰ ভৰিত দীঘল দি পৰিল আৰু সেই ৰন্ধা-বঢ়া বস্তুখিনি চুৰ কৰি নিয়াৰ বাবে ক্ষমা-প্ৰাৰ্থনা খুজিলে। ভোলায়ে তেতিয়াহে উৰহী গছৰ ওৰটো পালে, আৰু গহীনভাৱে চোৰটোক ক্ষমা কৰি এৰি দিলে। তাৰ জোতাযোৰ ঘৰত থাকিল, আৰু তাৰ দুটালৈ বুলি ৰন্ধা-বঢ়া বস্তুখিনি আকৌ অলপ তপতাই লৈ সি ভোকত এলাই-পেলাই অকলে খাবলৈ ধৰিলে। খাই থাকোঁতেই দূৰৰ পৰা ৰামপাৰই মতা শুনিলে ‘লঙ্কাপুৰ ক’ত? ক'ত?’ ভোলায়ে চক-মুখ মোহাৰি দেখে, বেৰৰ জলঙাই বেলিৰ পোহৰ তাৰ মজিয়াত পৰিছে। হওক তেওঁ তাৰ পোন্ধৰ বছৰীয়া জন্মতিথিৰ নিমন্ত্ৰণ নদাইৰ হৈও সি নিজেই ভালকৈ ৰক্ষা কৰিলে!০০