পৃষ্ঠা:Bilati Pitha.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টোপনিয়াই থকা দেখি ৰন্ধা-বঢ়া বস্তুবোৰ লুকুৱাই থৈ তাৰ লগত ধেমালি কৰিছে। সি সেইদেখি তাতকৈ টেঙৰালি কৰি মাত লগালে— “সেইটি ঘৰৰ চুকত কোন? দেখিছোহে তেওঁ! আহা নদাই, আঁহা, মোৰে চুপতি নামাৰিবা, বুইছা?তোমালৈ বুলি বাট চাওঁতেই মোৰ ইমান নিশা হল আৰু বহি বহি টোপনি আহিল। বোলা ভালে ভালে ওলাই আঁহা।” -কিন্তু শূন্য ঘৰ; তাৰ মাতৰ পাছত আৰু অধিক গহীন হল। নদাই হলেহে সি ওলাই মাত দিব। বেচেৰা ভোলাই দুখে- ভাগৰে লাজে-বেজাৰে মৰা যেন হৈ আকৌ পিৰাখনতে ঘোৰমোকোতা মাৰি শুলে।

 বাৰু, সঁচাকৈয়ে নাদাইৰ কি হ’ল? সি কিয় নাহিল? জোতযোৰ ঠিক সময়ত গৈ নদাইৰ ঘৰ পালেগৈ আৰু সিও তাকে পিন্ধি ভোলাইৰ ঘৰলৈ বুলি আহি আছে। বাটত এখন নৈ পাৰ হব লাগে। নদায়ে নৈখন পাৰ হব খোজোতে হঠাৎ ভৰিৰ পৰা জোতাযোৰ পিছলি আগবাঢ়ি গ'ল। জোতাযোৰ পানীৰ ওপৰে গৈ ইপাৰ উঠিলেগৈ; নদাই সিপাৰতে থাকিল। সি লাজ পালে, আৰু ভাবিলে—“খোজ কাঢ়িনো কি যাম? ৰাতি হল, ঘৰলৈকে উলটি যাওঁ।” নদাই উলটিল, কিন্তু জোতাযোৰ ভোলাইৰ ঘৰলৈ বুলি হাবিৰ মাজেদি আহিয়ে থাকিল।

 কিনো ভাগ্যৰ ফেৰ! চোৰটোৱেও ভোলাইৰ ঘৰৰ পৰা ৰন্ধা- বঢ়া বস্তুবোৰ লৈ প্ৰাণ টাকি লৰি লৰি আহি হাবিৰ মাজত সেই বাটটোতে বহি পোলাও খিচিৰি আদি চাই হাঁহিছে, আৰু তাৰ মুখৰ পৰা লোভৰ পানী পৰিছে। তাৰ মনত ভাব হল- “হাবিৰ মাজত নো ৰাতি এইবোৰ বস্তু খাই কি সুখ পাম? এতিয়া ঘৰত ভালকৈ লেপেতা কাঢ়ি বহি লবলৈ পাব লাগিছিল, তেহে! এহাতলৈকে চেলেকিলোহেঁতেন নহয়! তালৈকে এতিয়া লৰি লৰি হাত ভৰি ছিগি আহিছে, এখোজ লৰচৰ কৰিবলৈ গাত শক্তি নাই। এনে সময়ত যদি নিজে খোজ কঢ়া জোতা এযোৰ কেনেবাকৈ পালোহেঁতেন!” ঠিক সেই সময়ত ভোলাইৰ জোতাযোৰ নদাইক এৰি আহি ঘৰৰ ফালে খোজ লৈ সেইখিনি পাইছিলহি। টোপোলাত ৰন্ধা-বটা বস্তুখিনি ভৰাই চোৰটো উঠি থিতাতে জোতাযোৰত তাৰ ভৰি সুমুৱালে, আৰু জোতাযোৰ তাৰ ভৰিত একেবাৰে কাপ খাই পৰিল৷

 কিন্তু কি আচৰিত৷ চোৰটো যেনি যাব সেইপিনে নগৈ