পৃষ্ঠা:Bilati Pitha.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিজে খোজকঢ়া জোতা

 গোলাই আছিল নামজুলা যাদুকৰ। তাৰ আপোন বুলিবলৈ সংসাৰত একেটি মাথোন পুতেক ভোলাই। গোলাই মৰিবৰ সময়ত পুতেক ভোলাইক মাতি আনি কলে— “বোপাই, মোৰ মৰণৰ সময় চাপি আহিছে। তোক দিবলৈ মোৰ আন একো সম্পত্তি নাই। এই জোতাযোৰ তোক দিছো। তই এই জোতাযোৰ পিন্ধি যলৈকে যাওঁ বোল, তলৈকে ই লৈ যাব।” এই বুলি কৈয়েই গোলায়ে শেষ উশাহ ললে। ভোলায়ে পিতাকৰ শৱটো নি খৰি দিলেগৈ। পিতাক মৰাৰ পাছৰপৰা এই বহল সংসাৰখনত সি একেবাৰে অকলশৰীয়া হল।

 সেইদিনা তাৰ পোন্ধৰ বছৰীয়া জন্মতিথি। গধূলি সেইদিনা সি তাৰ নলে-গলে লগা বন্ধু নদাইক খাবলৈ মাতিছে। নদায়ে বাতৰি পঠিয়ালে— “মই ইমান দূৰ বাট খোজকাঢ়ি যাব নোৱাৰো। তোমাৰ জোতাযোৰ পঠাই দিবা। তেহে যাব পাৰিম।” নদাইৰ কথামতে ভোলায়ে নদাইৰ ঘৰলৈ জোতাযোৰ যাবলৈ দি, সি নিজে ৰন্ধা বঢ়া কামত লাগিল। ভোলায়ে ভালকৈ ৰান্ধিব জানে। সি পোলাও, খিচিৰি, আলুগুটিৰ ডম্, মাছৰ টেঙা, আদখৰীয়া, খৰিকা দিয়া, অলপমান খাৰৰ আঞ্জা, বিধে বিধে বহালে আৰু সেইদৰে বাঢ়ি ভাগে ভাগে নমাই থৈ নদাইলৈ বাট চালে।

 ৰাতি বহুত হ’ল, নদাই নাহিল। ইবাৰ এটা শব্দ শুনি নাই আহিছে বুলি উঠি গৈ চায়, নদাই নাই। সিবাৰ দুৱাৰত খিৰিক্‌ কৰা শুনি উঠি গৈ চায়, নদাই নাই। ৰৈ ৰৈ তাৰ ৰান্ধনি ঘৰতে টোপনি আহিল, আৰু সি পিৰা এখন পাৰি তাতে শুলে। এনেতে এটা চোৰ আহিল, বিধে বিধে ৰন্ধা-বঢ়া বস্তুবোৰ দেখি তাৰ বৰ লোভ লাগিল। সি হাতত সাৰে ভৰিত সাৰে আহি পোলাও, খিচিৰি আদি সকলো বস্তু ভাগে ভাগে দাঙি লৈ তাৰ জোলোঙাত সুমুৱালে, আৰু ততালিকে পলাই পত্ৰং দিলে। অলপ পিছত ভোলাই সাৰ পাই উঠি মুৰে কপালে হাত দিলে। ইমানবোৰ বস্তু কি হল, কোনে নিলে বুলি সি দেও পাৰিবলৈ ধৰিলে। এবাৰ ভাবিলে, জানোচা নদায়ে আহি তাক