পৃষ্ঠা:Bilati Pitha.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কণী দুটা ভাগি বনৰজাৰ চকু দুটা খন্তেকলৈ কণা হল। সি কাণি-মুনি খাই নুমলীক ধৰিব নোৱাৰিলে। ৰান্ধনী ঘৰৰ পৰা আইতাক ওলাই হয় আহিল আৰু ওচৰ-চুবুৰীয়া মানুহবোৰ চাপি-কুচি হাতে হাতে টাঙোন টোকোন লৈ বনৰজাক মৰিয়াই মাৰি পেলালে। তাৰ পাছত নুমলীয়ে আটাইকে সকলো কথা কলে। বুঢ়ীমাকে ৰং পাই নুমলীক মৰম কৰিলে। জা-জলপান খাবলৈ দিলে আৰু তেওঁলৈ অনা মাখন আৰু মৌৰো অকণ অকণ দি মৰম কৰি পাছদিনা ঘৰলৈ পঠাই দিলে।

 কলে মেলিলে থোৰ। আমাৰ কথাৰ পৰিল ওৰ॥
 তামোলে মেলিলে ডাবি। কোন কলৈ যাবি॥
 কঠালে পেলালে মুচি। যাওঁ ঘৰঘৰি গুচি॥ ০০