পৃষ্ঠা:Bilati Pitha.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি নুমলীৰ বুকু কঁপিল। তাই ভিৰাই ধৰি লৰ মাৰিব খোজোতেই বনৰজাই আগচি ধৰি ক'লে- নুমলী! সেই বাটে আন মানুহৰ লগত বুঢ়ীমাকৰ ঘৰলৈ যোৱা সি নুমলীক আগেয়েও দেখিছে। ‘ভয় খাইছা কেলেই, নুমলী? মই তোমাক একো নকৰো নহয়।” ‘সঁচাকৈয়েনে?’ নুমলীয়ে হেঁপাহকৈ সুধিলে। ‘ওঁ, তোমাৰে শপত, ভনীটী। পিছে তুমিনো ক-ল-ই যোৱা?’ বনৰজাই লেন লগাই মাতিলে। চল পাই নুমলীয়ে কলে- ‘বুঢ়ী আইৰ ঘৰলৈ।’

 বনৰজা - ‘অ’ নুমলী! অ’ নুমলী।
 খৰাহিত সেয়া কি?
 নুমলী – “বুঢ়ী আইলৈ   পঠাইছে আয়ে
 মাখন এফেৰা দি।”
 বনৰজা – ‘অ’ নুমলী!   অ’ নুমলী।
 খৰাহিত সেয়া কি?
 নুমলী : ‘বুঢ়ী আইলৈ   পঠাইছে আয়ে
 কণী চাইটা দি।’’
 বনৰজা - ‘অ’ নুমলী!   অ’ নুমলী!
 আৰু কি আনিছ ঔ!’
 নুমলী :- ‘বুঢ়ী আইলৈ   দিছে আয়ে
 পঠাই অকণ মৌ।’

বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’
 নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে— ‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।”
 বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে ‘কোন সেয়া?
 বনৰজাই কলে—‘মই নুমলী।’
 বুঢ়ী- ‘ক’ৰ নুমলী?
 বনৰজা— তোমাৰ নাতিনীয়েৰা।