পৃষ্ঠা:Bilati Pitha.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কুকুৰ-নেচীয়াৰ পেটত সোমাই ছাগলী পোৱালীকেইটাই বৰ আন্ধাৰ দেখিলে। তাৰপৰা ওলাই আহিবলৈ বুলি কুকুৰনেচীয়াৰ পেটত যিমান পাৰে সিমান জপিয়াবলৈ আৰু গুৰিয়াবলৈ ধৰিলে। কুকুৰনেচীয়াই যন্ত্ৰণাত ছট্ ফটাবলৈ ধৰিলে— “ঔ ঔ ঔ!”

 ভাত বা চাউল নোচোবোৱাকৈ গিলি থলে সেইবোৰ যেনেকৈ লৰা-ছোৱালীৰ পেটত গিজ্‌গিজাই খুন্দিয়া-খুন্দি কৰে, তাৰো সেয়ে হৈছিল। সি তৎ নাপাই মাটিত বাগৰি ফুৰিবলৈ ধৰিলে। ঠিক এনেতে ভাবলী ওলালহি।--

 ‘‘ক’ত আছা, মোৰ পোনাহঁত!”—পোৱালী এটিও নেদেখি কাতৰ হৈ ভাবলীয়ে মাতিলে। বেৰৰ ঘৰীটোৰ ভিতৰৰ পৰা মুখ উলিয়াই সৰু পোৱালীটিয়ে মাত দিলে— “আই, মই অকলে ইয়াতে আছো। বাকী ছয়োটি কুকুৰনেচীয়াই গিলি থলে।”

 এই কথা শুনি ভাবলী শোকত বিহ্বল হ’ল। তাৰ পাছত তাই এটা বুদ্ধি বিচাৰি পালে। চোকা কটাৰি এখন লৈ তাই মাটিত বাগৰি ফুৰা কুকুৰ-নেচীয়াটোৰ তলপেটটো অতি সাৱধানে কাটি পেলালে আৰু ছয়োটা ছাগলী পোৱালী ওলাই আহিল, যেন সিহঁতে নতুন জনমহে পালে।

 ভাবলীয়ে কলে,-“পোনাহঁত, তোমালোক সাতোটি এতিয়া সৌ জুৰিটিৰ পাৰলৈ লৰ মাৰা। তাৰ পৰা গাইপতি এটাকৈ ডাঙৰ শিল আনা। ছাগলী-পোৱালী কেইটাই সেইমতে সাতোটা শিলগুটি আনিলে। ভাবলীয়ে সেই সাতোটা শিলগুটি কুকুৰ-নেচীয়াৰ পেটত ভৰালে আৰু তাৰ পেটটো সী পেলালে। এতিয়া ভাবলী আৰু সাতোটি পোৱালীয়ে ধৰি চোচোৰাই নি তাক জুৰিৰ সোঁতত পেলাই দিলে। ঘৰলৈ উলটি আহি ভাবলী আৰু সাতোটি পোৱালীয়ে পোৰা টেকেলীত চাহ-পানী তপতালে আৰু ভাবলীয়ে অনা বিলাতী পিঠা গাইপতি একোটিকৈ লৈ ঘৰতে এখন চুৰচুৰিয়া চাহমেল পাতি খালে। খাই উঠি সাতোটি পোৱালীয়ে আকৌ ৰঙতে জপিয়াই গালে-

বিলাতী পিঠা, বিলাতী পিঠা।
খাই দিম একোটি, লাগিব মিঠা॥০ ০